Site icon Guwahati Times

আলফাত যোগদানৰ সন্দেহ : জয়পুৰ থানা এলেকাৰ বিবাহিত যুৱক নিৰুদ্দিষ্ট

জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত কপ’হুৱা গাঁ‌ৱৰ পঙ্কজ গগৈ নামৰ এজন বিবাহিত যুৱক কালিৰে পৰা নিৰুদ্দিষ্ট হৈছে। প্ৰয়াত ধনঞ্জয় গগৈৰ পুত্ৰই গাঁৱতে এখন গেলামালৰ দোকান দি জীৱন নিৰ্বাহ কৰিছিল। কালি যুৱকজনে সাপেখাতীত থকা বায়েক ভিনীহিয়েকৰ ঘৰলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল যদিও নিৰ্দিষ্ট স্থানত উপস্থিত নোহোৱাত আৰু যুৱকজনৰ মোবাইল ফোন অফ থকাত পৰিয়ালৰ মাজত বিচাৰ খোচাৰ লাগে। ইফালে যুৱকজন নিৰুদ্দিষ্ট হোৱাৰ বিষয়টো ইতিমধ্যে পৰিয়ালে স্থানীয় আৰক্ষীক অৱগত কৰিছে ৷ ইফালে প্ৰাথমিক অনুসন্ধানত নিৰূদিষ্ট পংকজৰ ফোনৰ লোকেচন এবাৰ নাগালেণ্ডৰ টিজিত ধৰা পৰালৈ লক্ষ্য কৰি আৰক্ষীয়ে যুৱকজনক আলফা ( স্বাঃ)ত যোগদান কৰিছে বুলি সন্দেহ কৰিছে। ঘটনাক্ৰমত উৱাদিহ হেৰুৱাই পেলোৱা পৰিয়ালটোৱে পঙ্কজক ঘূৰি আহিবলৈ আহ্বান জনাইছে আৰু যদিহে আলফা (স্বাঃ)লৈ যোগদানৰ উদ্দেশ্যে গৈছে তেনেহ’লে আলফা স্বাধীনৰ অধ্যক্ষ পৰেশ বৰুৱাক এটি বাৰ বছৰীয়া সন্তানৰ পিতৃ পংকজক শীঘ্ৰে ঘূৰাই পঠিয়াবলৈ আহ্বান জনাইছে৷

Exit mobile version