Site icon Guwahati Times

ওদালগুৰি জেলৰ পৰা পলাতক কয়েদী কৃষ্ণাইত আটক

ওদালগুৰি জেলৰ পৰা পলায়ন কৰা এজন কয়েদীক আৰক্ষীয়ে কৃষ্ণাইত আটক কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে ঢেকীয়াজুলিৰ শ্যামল পাল নামৰ লোকজনে এক হত্যাকাণ্ডৰ অভিযুক্ত হিচাপে ওদালগুৰি জেলত আছিল।

কিন্তু কিছুদিন পূৰ্বে কয়েদীজনে জেলৰ পৰা পলায়ন কৰিছিল। কৃষ্ণাই থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া কছৰ আলীয়ে ওদালগুৰি জেলৰ অধ্যক্ষৰ পৰা পোৱা এক বাৰ্তাৰ ভিত্তিত অভিযান চলাই পলাতক কয়েদীজনক আটক কৰে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে পলাতক কয়েদী শ্যামল পাল ৫ দিন ধৰি কৃষ্ণাইত আত্মগোপন কৰি কৃষ্ণাইৰ মোলানডুবীত দিন হাজিৰা কৰি আছিল।

Exit mobile version