Site icon Guwahati Times

মঙলদৈত গণ বিক্ষোভ

মঙলদৈত গণ বিক্ষোভ।
অসম চৰকাৰৰ কেবিনেটত প্ৰস্তাৱিত “দৰং লোকসভা” সমষ্টিৰ নাম সলনি কৰি ” ভৈৰৱকুণ্ড কৰাৰ প্ৰতিবাদত এই গণ বিক্ষোভ।
দৰং লোকসভা সমষ্টি দাবী সমিতিয়ে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
মঙলদৈ জিলা পুথিভঁৰাল কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হোৱা বিক্ষোভ কাৰ্যসূচীত সাহিত্যিক, সমাজসেৱী, ৰাজনৈতিক লোক আৰূ দল-সংগঠনৰ লোকে অংশগ্ৰহণ কৰে।
বিক্ষোভ কাৰ্যসূচীৰ অন্তত প্ৰতিবাদী সকলে মুখ্য মন্ত্ৰী, ভাৰতৰ নিৰ্বাচনী আয়ুক্ত,অসমৰ মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

Exit mobile version