fbpx
October 24, 2021

মাণিকপুৰ মৌখোৱাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।বাইক আৰু টেম্পুৰ মুখামুখী. সংঘৰ্ষত থিতাতে নিহত বাইক চালক

বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌখোৱা গড়কাপ্তানি পথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ভাঙা চিঙা কঢিয়াই নিয়া মালবাহী টেম্পু এখনে মাণিকপুৰৰ চকিহালী অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা বাইক এখনে মুখামুখী খুন্দা মৰাৰ ফলত বাইকৰ চালক থিতাতে নিহত হয়। নিহত ব্যক্তি জন মাণিকপুৰ থানাৰ অন্তৰ্গত ঝাউবাৰী গাওঁৰ জীতু ৰায়(32) বুলি চিনাক্ত হয়। দুৰ্ঘটনা সংঘটিত কৰি টেম্পু চালক জন পলায়ন কৰে। দূৰ্ঘটনা সংঘটিত কৰা টেম্পুৰ খনৰ নম্বৰ AS-28 C, 2969 আৰু মটৰ চাইকেল খনৰ নম্বৰ AS-26, 5239.ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ মৃতদেহ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ আনে লগতে বাইক আৰু টেম্পু থানালৈ আনি টেম্পু খনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।

 

error: Content is protected !!
%d bloggers like this: