Site icon Guwahati Times

মণিপুৰত ২৪ ঘণ্টাত দুই যুৱক, এগৰাকী মহিলাক গুলীয়াই হত্যা!

হত্যা-হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে মণিপুৰত বিগত ২৪ ঘন্টাত অচিনাক্ত দুৰ্বৃত্তই দুগৰাকী যুৱক আৰু এগৰাকী মহিলাক গুলীয়াই হত্যা কৰে।

এই ঘটনাই মণিপুৰৰ পৰিস্থিতিক অধিক ভয়াৱহ কৰি তোলাৰ লগতে ৰাজ্যখনত জনসাধাৰণৰ নিৰাপত্তাৰ দিশটোক পুনৰবাৰ উন্মোচিত কৰি তুলিছে।

ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৰা ১৭ কিলোমিটাৰ উত্তৰে অৱস্থিত লেইকিনথাবাই গাঁৱৰ সমীপৰ এটা গাঁতত উদ্ধাৰ হৈছে নিৰুদ্দেশ হৈ থকা ইৰেংবাম চিংখেইংগনবা (২৬) আৰু ছাগোলশ্বেম ঙানলেইবা (৩৩) নামৰ দুজন যুৱকৰ মৃতদেহ।

অচিনাক্ত দুৰ্বৃত্তই দুই যুৱকক ওচৰৰ পৰা গুলীয়াই হত্যা কৰে বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে, উজনি মণিপুৰৰ কাকচিং জিলাৰ ছেকমাইজিন খুনৌৰ এই দুই যুৱকে ৪ জুলাইত ব্যক্তিগত ব্যৱসায়িক কামৰ বাবে ছেকমাই গাঁৱলৈ গৈছিল।

সূত্ৰ অনুসৰি, সেইদিনাই বিয়লি তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে শেষবাৰৰ বাবে যোগাযোগ হৈছিল। ৫ জুলাইত দুয়োগৰাকী যুৱকৰ পৰিয়ালৰ সদস্যই যুৱক দুজন নিৰুদ্দেশ হোৱাৰ ৰিপৰ্ট দাখিল কৰিছিল।

কিন্তু ইয়াৰ পিছতে পৰিয়ালৰ লোকসকলে সামাজিক মাধ্যমৰ জৰিয়তে যুৱক দুজনৰ হত্যাৰ খবৰ পায়।

Exit mobile version