Site icon Guwahati Times

মণিপুৰ কাণ্ডৰ দিনাই আন দুগৰাকী মহিলাক কৰা হৈছিল দলবদ্ধ ধৰ্ষণ

মণিপুৰৰ পৰা ভাইৰেল হোৱা এটা ভিডিঅ’ই সমগ্ৰ দেশতে তোলপাৰ লগাইছে। ভিডিঅ’টোত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা দেখা গৈছে। এতিয়া চৰ্চালৈ আহিছে আন এক চাঞ্চল্যকৰ গোচৰ। আচলতে সেই দিনটোতে ৰাজ্যখনত সংঘটিত হৈছিল আন এক হৃদয় বিদাৰক ঘটনা।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টো ৪ মে’ৰ। ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি, সেইদিনা উত্তৰ-পূবৰ ৰাজ্যখনত আৰু দুগৰাকী জনজাতীয় মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

দলবদ্ধ ধৰ্ষণৰ বলি হোৱা দুয়োগৰাকী মহিলা মণিপুৰৰ কাংপকপি অঞ্চলৰ বাসিন্দা আৰু ইম্ফলৰ এখন গাড়ী ধোৱাৰ দোকানত কাম কৰিছিল। ৫ মে’ত এটা দলে তেওঁলোকক কৰ্মস্থলীৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰি দুয়োকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ঘটনাৰ পিছতে ৫ মে’ত ছয়কুল আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে ১৬ মে’ত এফআইআৰ ৰুজু কৰে। ইণ্ডিয়া টুডে এই বিষয়ত এফআইআৰৰ কপি পাইছে। ইয়াত অভিযুক্তৰ বিৰুদ্ধে আই পি চিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত ৩০২ (হত্যা), ৩৭৫ (ধৰ্ষণ), আৰু ৩৬৬ (অপহৰণ)।

Exit mobile version