Site icon Guwahati Times

গেৰুৱা বসন পিন্ধিলে ৰূপজ্যোতি কুৰ্মীয়ে

মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্রেছ নেতা ৰূপজ্যোতি কুর্মীয়ে কংগ্রেছ ত্যাগ কৰি  আজি গেৰুৱা বসন পৰিধান কৰিলে৷

সৌসিদিনালৈ প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে নিজকে যোগ্য বুলি দাবী কৰি অহা কুর্মীয়ে এইবাৰ দলটোকে বিদায় জনাই আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুকামুখত বিজেপিত যোগদান কৰে।

এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা এক–ডেৰবছৰ ধৰি বিভিন্ন সময়ত কুর্মীয়ে বিজেপিত যোগদান কৰিব বুলি প্রচাৰ মাধ্যমত ব্যাপক চর্চা চলি আহিছে৷ NB

Exit mobile version