Site icon Guwahati Times

কন্যাৰ বিদায় নহয়, নিজাকৈ এখন সংসাৰহে হয় !

বিবাহপাশত আবদ্ধ হ’ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ কন্যা কৃষ্টি চৌধুৰী। ইতিমধ্যে ছচিয়েল মিডিয়াত কন্যাৰ বিয়াৰ ফটো শ্বেয়াৰ কৰিছে পিতৃ–মাতৃয়ে। কৃষ্টিক যুগ্ম জীৱনৰ শুভকামনা জনাইছে বিভিন্নজনে। কিন্তু কৃষ্টিৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি মাতৃ ৰীতা চৌধুৰীয়ে কেপচনত লিখা কথাখিনিয়ে মন চুই গৈছে বহু লোকৰে।

ড০ ৰীতা চৌধুৰীয়ে লিখিছে – ‘‘আমি বিশ্বাস কৰোঁ সন্তান দানৰ বাবেও নহয়, পূণ্যৰ বাবেও নহয়৷ সন্তান আত্মাৰ ঐশ্বৰ্য, মাটিৰ পৃথিৱীৰ অপাৰ্থিৱ মায়া, ঈশ্বৰে পঠিওৱা পোহৰ কঢ়িয়াই অনা অতিথি৷ কন্যাৰ বিদায় নহয়৷ কন্যাৰ বিয়া হ’লে পুত্ৰৰ দৰেই মাত্ৰ নিজাকৈ এখন সংসাৰহে হয়৷ আন সকলো কথা চিৰদিনৰ বাবে একে থাকে৷ শোক সেয়ে অৰ্থহীন৷ কন্যাৰ না পিতৃ অধিকাৰী না মাতৃ৷ পিতৃয়ে সম্প্ৰদান কৰা প্ৰথাৰ পৰা সম্প্ৰদান শব্দটো আমি আঁতৰাই দিছোঁ৷ পিতৃ-মাতৃ দুয়ো সিদ্ধান্ত লৈ বিবাহৰ কৰ্ম কাণ্ডৰ দায়িত্ব ভগাই লৈছোঁ৷ হোমৰ দায়িত্ব মোৰ হাতত৷ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ৷’’

Exit mobile version