Site icon Guwahati Times

খালী হাতে উভতি মই দুঃখিত, মোক বঞ্চনা কৰা হ’ল- স্বদেশলৈ উভতি দেশবাসীক মেৰীৰ ক্ষমা প্ৰাৰ্থনা।

স্বদেশলৈ উভতিয়েই দেশবাসীক ক্ষমা প্ৰাৰ্থনা কৰিলে ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে। ভাৰতত ুপস্থিত হৈয়েই মেৰীয়ে সেমেকা চকুৰে ক’লে- খালী হাতেৰে উভতি আহি মই দুঃখিত, মই পদক জয় কৰিবলৈ গৈছিলোঁ, কিন্তু নোৱাৰিলোঁ। মোক সমগ্ৰ দেশবাসীয়ে যি ধৰণে সমৰ্থন জনাইছিল তাৰ বাবে মই চিৰকৃতজ্ঞ। মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ।

দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত মেৰী কমে অলিম্পিকৰ বিচাৰকৰ বিৰুদ্ধে উষ্মা প্ৰকাশ কৰি কয়, “মই প্ৰথম দুটা ৰাউণ্ডত জয়ী হৈছিলোঁ, তাৰ পিছতো কেনেকৈ হাৰি থাকিলোঁ! বিচাৰকে মোক বঞ্চনা কৰিলে।”

উল্লেখ্য যে ৩-২ৰ ব্যৱধানত কলম্বিয়াৰ ইনগ্ৰিডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰত পৰাজিত হৈছিল মেৰী কম। মেৰী কমে ২০১২ চনত লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিছিল।

Exit mobile version