MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান

1 min read

MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান। ৯৮ বছৰ বয়সত দিল্লীৰ মাতা চানান দেৱী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে গুলাটীয়ে।

কিছুদিন পূৰ্বে অসুস্থ হৈ পৰাত মহাশয় ধৰমপাল গুলাটীক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। সকলোৰে মাজত দাদাজী, মহাশয়জী হিচাপে পৰিচিত আছিল গুলাটী।

১৯২৩ চনত পাকিস্তানৰ শিয়ালকটাত জন্মগ্ৰহণ কৰিছিল গুলাটীয়ে। পিছলৈ তেওঁ শিয়ালকটাত পিতৃৰ মছলা ব্যৱসায়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ব্যৱসায়ৰ বাবে ভাৰতলৈ গুচি আহিছিল আৰু দিল্লীৰ কৰোলবাগত আৰম্ভ কৰিছিল নিজৰ ব্যৱসায়।

গুলাটীৰ এম ডি এইছ মছলাৰ প্ৰতিষ্ঠানে ভাৰতত অত্যন্ত জনপ্ৰিয়তা অৰ্জন কৰিছে। দেশৰ আগশাৰীৰ মচালা ব্ৰেণ্ড হিচাপে পৰিচিত হৈ পৰে। এম ডি এইচৰ বিজ্ঞাপনসমূহো মানুহৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল।

You May Also Like

More From Author