IPL ত মহিলা নে পুৰুষ আম্পায়াৰ! কলকাতা- হায়দৰাবাদ মেচত আলোচনাৰ কেন্দ্রবিন্দু এইগৰাকী আম্পায়াৰ

1 min read

আন্দ্রে ৰাছেল, ডেভিড ৱার্নাৰ, ৰশিদ খান বা পেট কামিন্স৷ দুই দলত আছিল বহুকেইজন তাৰকা৷ কিন্তু দেওবাৰে নিশা আবু ধাবিত কলকাতা বনাম হায়দৰাবাদৰ মেচৰ আৰম্ভণিৰে পৰা সকলোৰে চকু কাঢ়ি নিলে এগৰাকী আম্পায়াৰে৷ দেখাত ৰকষ্টাৰ, তেওঁৰ নাম পশ্চিম পাঠক৷

বহুতেই পশ্চিম পাঠকক মহিলা আম্পায়াৰ বুলি ভাবি ভুল কৰিছিল। তেনে সময়তে কিছুক্ষণৰ পাছতেই সকলোৰে ভুল ভাঙে।

বিচিচিআই আৰু মুম্বাই ক্রিকেট এছোচিয়েশ্যনৰ অন্যতম নির্ভৰযোগ্য আম্পায়াৰ পশ্চিম। ২০১৪-১৫ ৰ আইপিএলটো আম্পয়াৰিং কৰিছিল তেওঁ।

উল্লেখ্য যে এই পৰ্যন্ত আন্তর্জাতিক পৰ্যায়ত দুখন টেষ্টমেচ আৰু তিনিখন এদিনীয়াত আম্পায়াৰিং কৰিছে পশ্চিমে। ২০০৯ ৰ পৰা তেওঁ বিচিচিআই-ৰ আম্পায়াৰৰ তালিকাত আছে। আনহাতে ঘৰুৱা ক্রিকেটত তেওঁ এগৰাকী পৰিচিত মুখ।

You May Also Like

More From Author