ডিমা হাছাওত আৰম্ভ হ’ব “মেগা ভেকচিনেচন” প্ৰক্ৰিয়া

1 min read

 21 জুনৰ পৰা তিনিদিনীয়াকৈ মেগা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ’ব ডিমা হাছাও জিলাত । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত 21 জুনৰ পৰা 23 জুন লৈকে ডিমা হাছাও জিলাত তিনিদিনীয়াকৈ মেগা প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি শনিবাৰে জানিবলৈ দিয়ে জিলাখনৰ উপায়ুক্ত পল বৰুয়াই । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল বৰুৱাৰ পৌৰহিত্যত পাহাৰীয়া জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় সংগঠন, স্বাস্থ্য বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষৰ লগত মেগা প্ৰতিষেধকৰ কাৰ্যসূচীক লৈ এখন সভা অনুষ্ঠিত হয় । সভাখনত 21 জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰ বাবে ৰাইজৰ মাজতে সজাগতা সৃষ্টি কৰাৰ বাবে সকলো জাতীয় সংগঠনক কাম কৰাৰ বাবে আহ্বান জনায় জিলা উপযুক্ত পল বৰুয়াই ।

সভাখনত উপস্থিত থাকে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা স্বাস্থ্য বিভাগৰ ই এম চেমুৱেল চাংছন, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা সচিব টি টি দাওলাগাপু , জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দীপালি বৰ্মন । জিলা উপযুক্ত পল বৰুৱাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত 21 জুনৰ পৰা 23 জুনলৈ তিনিদিনীয়াকৈ সমগ্ৰ অসমত 1 কোটি লোকক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য মাত্ৰা ধাৰ্য কৰা হৈছে । জিলাখনত তিনিদিনত 9000 লোকক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য বিভাগে । আগষ্ট মাহত অসমত প্ৰতিষেধকৰ কাম শেষ কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে লক্ষ্য ধাৰ্য কৰিছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে ।

21 জুনৰ পৰা ৰাজ্যত প্ৰতিদিনে 3 লাখ লোকক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য বান্ধি লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷

You May Also Like

More From Author