Site icon Guwahati Times

৭ জুনৰ পৰা মেঘালয়ত সম্পূৰ্ণ লক্‌ডাউন ঘোষণা

ক’ৰ’না প্ৰতিৰোধৰ বাবে মেঘালয়ত  এসপ্তাহৰ সম্পূৰ্ণ লক্‌ডাউন ঘোষণা। অহা ৭জুনৰ পুৱা ৫ বজাৰ পৰা ১৪জুনৰ পুৱা ৫ বজা পৰ্যন্ত বাহাল থাকিব লক্‌ডাউন।

উল্লেখ্য, পূৰ্বতে ৰাজ্যখনৰ কেৱল পাঁচখন জিলাত ঘোষণা কৰা হৈছিল লক্‌ডাউন।

গুৰুত্বপূৰ্ণ কথা যে, লক্‌ডাউনৰ সময়চোৱাত ৰাজ্যখনত ৰাজনৈতিক, ৰাজহুৱা, সামাজিক আৰু ধৰ্মীয়  সমাগম সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। ইয়াৰোপৰি, বৈঠক, সভা আৰু প্ৰশিক্ষণ আদিও সম্পূৰ্ণৰূপ এই সময়চোৱাত বন্ধ থাকিব। লগতে বন্ধ থাকিব বিয়া-খেল ধেমালি আদি সকলো ৷

ইতিমধ্যে পৰ্যটনস্থলীসমূহ বন্ধ কৰি দিয়া হৈছে ৰাজ্যখনত ৷ বাহিৰৰ পৰ্যটকৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে মেঘালয়ত।

আন্তঃৰাজ্যিক যাতায়ত বন্ধ থাকিব ৰাজ্যখনত। অৱশ্যে অসম,ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নিয়ম।

Exit mobile version