ধেমাজিত বান সমস্যা বুজ ললে মন্ত্ৰী সঞ্জয় কিষানে

0 min read

আজি দ্বিতীয় দিনাৰ বাবেও ধেমাজিত বানৰ কৱলত আছে বহু গাওঁ ৷ আজিও ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজু গাওঁ আৰু জীয়াঢল চাৰিআলিৰ দুটা অংশৰ প্ৰায় ১  ফুট  ওপৰেৰে বৈ আছে জীয়াধল নদীৰ পানী ৷এই ভদীয়া বানত   জীয়াধল , বৰাজান আৰু ৰাইনদীয়ে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত  প্ৰায় ২০ খন   গাওঁ বেয়াকৈ  প্লাবিত কৰাৰ পিছত  যথেষ্ট ক্ষতি কৰা পৰিলক্ষিত হৈছে ৷এই ক্ষয়ক্ষতি বুজ লবলৈ  কালি নিশাই ধেমাজিত উপস্হিত হয়হি ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ৷ মন্ত্ৰীজনে  যোৱা মঙ্গল বাৰে  ধেমাজি বৰ্মন গাওঁস্থিত জীয়াঢল নদীৰ ক’ফাৰ ডেমটো প্ৰায় ৫০০ শ মিটাৰ  ছিঙি নিয়াৰ অংশত উপস্হিত হৈ কফাৰডেমটো প্ৰত্যক্ষ কৰে আৰু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে ৷ ইয়াৰ পিছতে জীয়াধল নদীৰ বানত ডুব গৈ থকা জীয়াধল , বাটঘৰীয়া পঞ্চায়তৰ কেইবাখনো গাৱঁৰ বান পৰিস্হিতিৰ বুজ লয় আৰু বিভাগীয় কৰ্তৃপক্ষক  বন্যাৰ্তক সহযোগ আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷ ইপিনে মন্ত্ৰীজনে  বৰাজান আৰু ৰাইনদীয়ে ধুই নিয়া মৰিধল আৰু লক্ষীপথাৰ পঞ্চায়তৰ কেইবাখনো গাৱঁৰ বান পৰিস্হিতিৰ বুজ লোৱাৰ লগতে বান সাহাৰ্য শিৱিৰো পৰিদৰ্শন কৰে৷ উল্লেখযোগ্য যে  মন্ত্ৰীৰ ভ্ৰমণৰ সময়তে জীয়াধল বানত সৰ্বস্বান্ত হোৱা বন্যাৰ্তই  জিলা প্ৰশাসনৰ পৰা বান সাহায্য লাভ নকৰাৰ অভিযোগ তোলে ৷ উল্লেখ্য যে ধেমাজি দীৰ্ঘদিনীয়া বান সমস্যা স্থায়ী সমাধানৰ ক্ষেত্ৰত চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব দিয়ে ৷

You May Also Like

More From Author