মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহত পেট্ৰল বোমা বিস্ফোৰণ দুৰ্বৃত্তৰ

0 min read

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়। ৰাজ্যখনৰ কেইবাঠাইটো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত অৱশেষত ৰাজ্যখনত সান্ধ্য আইন বলবৎ কৰা হয়। কিন্তু সান্ধ্য আইন চলি থকাৰ মাজতে দেওবাৰে নিশা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই।

দেওবাৰে নিশাৰ ভাগত অচিনাক্ত দুৰ্বৃত্তৰ দলে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ নিক্ষেপ কৰে পেট্ৰ’ল বোমা। সুভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰী বাসগৃহত থকাৰ বাবেই তেওঁৰ ব্যক্তিগত বাসগৃহত নাছিল কোনো লোক।

কিন্তু বিগত ২৪ ঘণ্টা ধৰি সান্ধ্য আইনৰ মাজতে সংঘটিত হৈছে কেইবাটাও বিক্ষিপ্ত ঘটনা।

উল্লেখ্য যে দেওবাৰে নিশা ৮ বজাৰ পৰা ১৭ আগষ্টলৈকে সমগ্ৰ ৰাজ্যখনতে সান্ধ্য আইন ঘোষণা কৰা হৈছে। অগ্নিসংযোগৰ বাতৰিৰ পিছতে ৰাজ্যখনৰ কেইবাঠাইতো মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে।

You May Also Like

More From Author