Site icon Guwahati Times

লখিমপুৰৰ ডানিয়াৰ শিৰত মিচ ফ্লায়িং ফেমিনা খিতাপ..

লখিমপুৰৰ ডানিয়াই লাভ কৰিছে ফ্লায়িং ফেমিনা খিতাপ । ফ্লায়িং ফেমিনা এজেন্সিয়ে ৰাষ্ট্ৰীয় ভিত্তিত অলপতে দিল্লীত আয়োজন কৰা এই সৌন্দর্য প্ৰতিযোগিতাত লখিমপুৰৰ ডানিয়াই দেশৰ ১৯ খন ৰাজ্যৰ প্ৰতিযোগীক চেৰ পেলাই মিচ ফ্লায়িং ফেমিনা খিতাপ লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বেও ডানিয়াই বহু প্ৰতিযোগিতাত অংশ গ্রহণ কৰি মিচ নৰ্থ ইষ্ট ব্ৰেণ্ড এম্বেচাদৰ ২০১৯, মিচ উইনাৰ অৱ নৰ্থ লখিমপুৰ, গোৱাত মিচ স্পাৰ্ক ইণ্ডিয়া উইনাৰ ২০২২ আদি অসংখ্য খিতাপ অৰ্জন কৰিছে ।

লখিমপুৰ নগৰৰ কে বি ৰোড নিবাসী ফৰিদ ৰচুল আৰু মচবিনাৰা ৰচুলৰ কন্যা তথা বি বি একাডেমীৰ দ্বাদশ শ্রেণীৰ ছাত্রী ডানিয়াই সৰুৰে পৰাই সৌন্দর্যৰ ক্ষেত্ৰখনত ভৰি থৈ বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়লৈকে ইটোৰ পাছত সিটোকৈ বহু খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । ভবিষ্যতে পঢ়াৰ সমানে সমানে সৌন্দর্যৰ ক্ষেত্ৰখনৰ জৰিয়তে বিশ্বজয় কৰাৰ সপোন লৈ আগুৱাই হৈছে ডানিয়া । মিচ ইউনিভাৰ্চ হোৱাৰ সপোন আগত ৰাখি সৌন্দর্যৰ ক্ষেত্ৰত লয়লাসেৰে আগুৱাই যোৱা ডানিয়াৰ এই হেঙুলীয়া যাত্রাত সকলোৱে জনাইছে আন্তৰিক শুভেচ্ছা ।

Exit mobile version