Site icon Guwahati Times

কাইলৈ(মংগলবাৰে) মিজোৰাম আৰু ছত্তীশগড় অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

মিজোৰামৰ ৪০খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ছত্তীশগড়ৰ ২০খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ছত্তীশগড়ৰ বাকী ৭০খন আসনৰ ভোটগ্ৰহণ ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব।

১৭ নৱেম্বৰতে মধ্যপ্ৰদেশ বিধানসভাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কাইলৈৰ ভোটগ্ৰহণৰ বাবে মিজাৰোম আৰু ছত্তীশগড়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বিশেষকৈ ছত্তীশগড়ত নিৰ্বাচনপূৰ্বক হিংসাত্মক ঘটনাত এজন বিজেপি নেতাৰ মৃত্যু ঘটাৰ পিছতে নিৰাপত্তা ব্যৱস্থা পুনৰ পৰ্যালোচনা কৰা হৈছে।

Exit mobile version