বিধায়ক ৰাজদীপ গোৱালাক কংগ্রেছৰ পৰা ৬ বছৰলৈ বহিষ্কাৰ

0 min read

দল বিৰোধী কাৰ্য্যকলাপত জড়িত থকাৰ অভিযোগত কংগ্ৰেছ দলৰ পৰা বহিস্কৃত হ’ল বিধায়ক ৰাজদ্বীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমী নাথ। ছয় বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল বৰাকৰ দুয়োগৰাকী কংগ্ৰেছৰ নেতা। ৰাজদ্বীপ গোৱালা হ’ল লক্ষীপুৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক। আনহাতে ৰুমী নাথ বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা।

ত্ৰয়োদশ বিধান সভাত উপনিৰ্বাচনৰ জৰিয়তে বিধায়ক হোৱা ৰাজদ্বীপ গোৱালাৰ এয়া আছিল বিধানসভাৰ দ্ৱিতীয়টো কাৰ্যকাল। উল্লেখযোগ্য যে ১৯৮৩ চনৰ পৰা বৰ্তমানলৈ কংগ্ৰেছৰ গোৱালা পৰিয়ালৰ দখলত আছিল বৰাক উপত্যকাৰ লক্ষিপুৰ সমষ্টি। প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী দিনেশ প্ৰসাদ গোৱাল পুত্ৰ দুবাৰৰ বিধায়ক ৰাজদ্বীপ গোৱালা।

You May Also Like

More From Author