Site icon Guwahati Times

স্মাৰ্টফোনৰ এই ফুটাটোৰ কি কাম, হয়টো নাজানে আপুনি! নাথাকিলে হ’ব বহু সমস্যা

স্মাৰ্টফোনত কিছুমান বস্তু আছে, যিবোৰ আমি প্ৰতিদিনে দেখিবলৈ পাওঁ কিন্তু ইয়াৰ ব্যৱহাৰৰ বিষয়ে নাজানো। এই তালিকাত স্মাৰ্টফোনৰ চাৰ্জিং প’ৰ্টৰ ওচৰত এটা ফুটা আছে। হয়তো আপুনিও এই ফুটা বা ছিদ্ৰৰ কাৰ্য্যৰ বিষয়ে নাজানে। কোনোবা নহয় কোনোবা সময়ত আপোনাৰ মনত প্ৰশ্নটো আহিছিল চাগে, কিহৰ বাবে দিয়া হৈছে এই ফুটা? আপুনি জানি আচৰিত হ’ব, এই ফুটাটোৰ অবিহনে আপুনি ফোন কৰিব নোৱাৰে। এই ফুটাটো দেখাত সহজ হ’লেও ইয়াৰ বহুতো কাম আছে।

এই ফুটাটোৰ কাম কি?

এই সৰু ফুটাটো স্মাৰ্টফোনৰ তলত বা ওপৰত আপুনি হয়টো দেখিছে। আপোনাৰ স্মাৰ্টফোনৰ চাৰ্জিং পৰ্টৰ তলত এটা সৰু ফুটা দেখা পাব। যদিও এইটো সৰু যেন লাগিব পাৰে, আচলতে ই অতি উপযোগী। ইয়াৰ ফলত আপোনি ভাল কলিং অভিজ্ঞতা লাভ কৰিব। ই আপোনাৰ কললৈ উন্নত মানদণ্ড আনে। আচলতে এতিয়া প্ৰতিটো স্মাৰ্টফোনতে আগবঢ়োৱা হৈছে এটা নয়েজ কেন্সেলেশন মাইক। ইয়াৰ বাবে আপুনি নিৰৱে ভাল মানৰ ফোন কৰিব পাৰে।

মোবাইলৰ এই ফুটাটো অতি প্ৰয়োজনীয়ঃ

যদি আপুনি এই ফুটাটো সৰু বুলি ভাবে বা এই বৈশিষ্ট্যই বেছি কাম নকৰে বুলি ভাবে, তেন্তে এই ভুল ধাৰণাটো পাহৰি যাওক। কিয়নো এই সৰু ছিদ্ৰ বা ফুটাৰ বাবেই আপোনাৰ চৌপাশৰ শব্দ সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো সম্ভৱ হয়। এই ফুটাটোৰে ফোনত আনজনৰ মাতটো বহুত ভালদৰে শুনা পায়। সেই ব্যক্তিজনেও আপোনাৰ মাতটো ভালদৰে শুনিব পাৰে। প্ৰতিটো স্মাৰ্টফোনত এই বৈশিষ্ট্য প্ৰদান কৰা হৈছে।

 

Exit mobile version