Site icon Guwahati Times

মডেলিঙৰ জগতত উদীয়মান প্ৰতিভা বিতোপন

আব্দুল লতিফ:

সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত যুৱক-যুৱতীসকলৰ আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিছে। তাৰ মাজতে এই জগতখনত একাংশ যুৱক-যুৱতীয়ে স্বকীয় প্ৰতিভাৰে উজলি উঠিছে। তেনে এগৰাকী যুৱক হ’ল তিনিচুকীয়াৰ বিতোপন দত্ত। ফেছন জগতখনত খোজ দিয়া তিনিচুকীয়াৰ বৰদলৈ নগৰৰ বাসিন্দা বিতপোনে শেহতীয়াকৈ লাভ কৰিছে ‘Mr Teen Assam 2021’ৰ খিতাপ।

 


অভিলেষ কলিতা আৰু ইফটিক বৰাৰ নেতৃত্বত গামোচা এণ্টাৰটেইনমেণ্ট আৰু আই বি প্ৰডাকছনৰ সৌজন্য অনুষ্ঠিত অনুষ্ঠিত ফেছন প্ৰতিযোগিতাত এই খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে বিতপোনে।
অনাগত দিনত এই ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ এনেধৰণৰ সফলতাই যথেষ্ট উৎসাহ যোগায় বুলি মন্তব্য কৰিছে বিতোপনে।
আমিও বিতোপনলৈ যাচিলোঁ শুভেচ্ছা।

Exit mobile version