আজি ছিপাঝাৰ–বিহপুৰীয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ

0 min read

সমাগত বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাত আজি পুনৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী নির্বাচনী প্রচাৰ চলাবলৈ অসমলৈ আহিব৷ প্রধানমন্ত্রীগৰাকীয়ে অহা আজি বিহপুৰীয়া আৰু ছিপাঝাৰত অনুষ্ঠিত হ’ব লগা দুখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ ছিপাঝাৰত অনুষ্ঠিত হ’বলগীয়া সভাত প্রধানমন্ত্রীগৰাকীক্ সংগ দিব কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰে৷

আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে যোৰহাট আৰু শিৱসাগৰত নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সৰুপথাৰ, দেৰগাঁও আৰু মাজুলীত নির্বাচনী প্রচাৰ সভাত উপস্থিত থকাৰ উপৰি বিহপুৰীয়াৰ নির্বাচনী সভাত প্রধানমন্ত্রীৰ সৈতে উপস্থিত থাকিব৷ ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা কলিয়াবৰ, চাবুৱা, গোলাঘাট, লাহোৱাল, দুলীয়াজান আৰু নাহৰকটীয়াত উপস্থিত থাকি কেইবাখনো নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷

You May Also Like

More From Author