মৈৰাবাৰীত কুখ্যাত ড্রাগ্ছ মাফিয়া আশ্বাদুল গুলীবিদ্ধ

0 min read

অসম আৰক্ষীৰ মূৰৰ কামোৰণি কুখ্যাত ড্রাগ্ছ মাফিয়া আশ্রাদুল ইছলাম মৈৰাবাৰী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে যোৱানিশা মৈৰাবাৰীত গুলীবিদ্ধ হ’বলগীয়া হয়৷ জানিব পৰা মতে বুধবাৰে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্রতিভলাল বৰুৱাৰ নেতৃত্বত যোৱা নগাঁও আৰু মৰিগাঁও আৰক্ষীৰ এটা যৌথ অভিযানকাৰী দলে নগাঁৱৰ ম’হখুলিৰ পৰা সহযোগীসহ কুখ্যাত ড্রাগ্ছ মাফিয়া আশ্বাদুল ইছলামক গ্রেপ্তাৰ কৰিছিল৷

যোৱা ৬ জুলাইতো মৈৰাবাৰী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে পলাহজুৰি গাঁৱৰ আশ্বাদুল ইছলামৰ ঘৰৰ পৰা চাবোনৰ বাকচসদৃশ তিনি কার্টন আৰু ছফিকুল ইছলাম নামৰ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীজনৰ পৰা ২০টা কণ্টেইনাৰ আৰু খেৰৰ মেজিত ৰখা অৱস্থাত ৭০টা কণ্টেইনাৰসহ মুঠ ৯০টা ড্রাগ্ছ কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷আৰক্ষীৰ অভিযানকাৰী দলটোৱে ড্রাগ্ছ সৰবৰাহ কৰা চক্রটোৰ লগত জডিত থকাৰ অভিযোগত ছকিনা বেগম (৩৩), ছালমা খাতুন (৩০), জমিৰ উদ্দিন (৩৫), ইউনুছ আলী (২২), ছফিকুল ইছলাম (৩৮) আৰু জহিৰুল ইছলাম (২৪)কো গ্রেপ্তাৰ কৰে৷

আৰক্ষীৰ দলটোৱে আটকাধীন ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ কবলৰ পৰা নগদ ৫ লাখ ৫৪ হাজাৰ টকাও জব্দ কৰে৷আনকি আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহত ব্যৱহাৰ কৰা এ এছ–০৩ এম–৩৫৩৫ নম্বৰৰ এখন বিলাসী এক্সইউভি গাডী, এ এছ–০৭ বি–০৬৪৮ নম্বৰৰ এখন ছেণ্ড্র’ গাডী আৰু এ এছ–০২ বি চি–১৮৭৪ নম্বৰৰ এখন অট’ৰিক্সাও ঘটনাস্থলীৰ পৰা জব্দ কৰে৷ ইয়াৰে ছকিনা বেগম, জমিৰ উদ্দিন আৰু ইউনুছ আলীৰ ঘৰ লখিমপুৰত হোৱাৰ বিপৰীতে ছফিকুল ইছলামৰ ঘৰ নগাঁৱৰ ধিং গেট আৰু জহিৰুল ইছলামৰ ঘৰ নগাঁও জিলাৰ গৰৈমাৰীত বুলি আৰক্ষী সূত্রত প্রকাশ৷

কিন্তু আৰক্ষীৰ অভিযানৰ উমান পাই ড্রাগ্ছ সৰবৰাহত ব্যৱহাৰ কৰা বিলাসী গাডী আধাবাটতে এৰি পলাই যাবলৈ সক্ষম হৈছিল ঘৰখনৰ গৰাকী তথা কুখ্যাত ড্রাগ্ছ মাফিয়া আশ্বাদুল৷ যোৱা বুধবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত মিকিৰভেটা থানাত জেৰা কৰাত মৈৰাবাৰীৰ চুবুৰীয়া শগুনবাহীত পথৰ দাঁতিত ড্রাগ্ছ পুতি ৰখা বুলি স্বীকাৰোক্তি দিয়াত যোৱানিশা আনুমানিক ১ বজাত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্রতিভলাল বৰুৱাৰ নেতৃত্বত ড্রাগ্ছ মাফিয়া আশ্বাদুলক ঘটনাস্থলীলৈ লৈ যাওঁতে আৰক্ষী বিষয়াগৰাকীৰ ছার্ভিচ ৰিভলভাৰ কাঢ়ি আৰক্ষীক গুলীয়াবলৈ উদ্যত হওঁতে আৰক্ষীয়ে ড্রাগ্ছ মাফিয়াজনক ভৰিত গুলীয়াই আহত কৰে৷ সম্প্রতি গুলীবিদ্ধ ড্রাগ্ছ মাফিয়া আশ্বাদুল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷

You May Also Like

More From Author