Site icon Guwahati Times

মৰিগাঁৱত বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ধন বিলাই থকা ভিডিঅ ভাইৰেল

ক্ষমতা আৰু ধন বলেৰে বলীয়ান হৈ থকা মৰিগাঁও বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে মুকলিকৈ ভোটাৰৰ মাজত ধন বিলাই থকা এটা ভিডিঅ ভাইৰেল হৈ পৰা ঘটনাই সমষ্টিবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

একমাত্ৰ ধন বলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ পৰিকল্পনা কৰি থকা মৰিগাঁও বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে বিভিন্ন সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি আহিছে যদিও শাসক পক্ষৰ প্ৰাৰ্থী হোৱা বাবেই জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰা বুলি বিৰোধী দল সমূহে অভিযোগ তুলিছে। বিজেপি প্ৰাৰ্থী গৰাকীয়ে চলাই থকা বিৰ্তকিত কৰ্ম সমূহৰ মাজতে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিজেপি প্ৰাৰ্থী  দেউৰীয়ে এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি মুকলি ভাবে ভোটাৰৰ মাজত ধন বিলাই থকা এটা ভিডিঅ ভাইৰেল হৈ পৰে।

নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি মুকলি ভাবে বিজেপি প্ৰাৰ্থী জনে ধন বিলাই থকা ভিডিঅটো ভাইৰেল হৈ পৰাত সমষ্টিটোৰ ভোটাৰৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। বিজেপি প্ৰাৰ্থী জনে ধন বিতৰনৰ দ্বাৰা ভোটাৰক আকৰ্ষণ কৰিব বিচৰা ঘটনাক বিৰোধী দল সমূহে জিলা নিৰ্বাচন আয়োগক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।এই ক্ষেত্ৰত সমষ্টিটোৰ বিৰোধী দল সমূহে  জিলা নিৰ্বাচন আয়োগক লিখিত অভিযোগ দাখিল কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।

Exit mobile version