Site icon Guwahati Times

চুবুৰীয়া ৰাজ্য মনিপু্ৰত ৰাষ্ট্ৰপতি শাসনৰ দাবীত মৰিগাঁও জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে চুবুৰীয়া ৰাজ্য মনিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ দাবীত মৰিগাঁও সদৰ বিহুতলিত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠনটোৰ জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামী আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত ৰূপায়িত কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মমিন চন্দ্ৰ দাসৰ লগতে প্ৰায় শতাধিক যুৱ-ছাত্ৰ পৰিষদৰ সতীৰ্থ উপস্হিত থাকে। বিজেপি চৰকাৰ হুছিয়াৰ, মনিপুৰ চৰকাৰ ভংগ কৰক, মনিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰক আদি শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে পৰিবেশ উত্তাল কৰি তুলে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী আৰু উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্ম‍ৰক পত্ৰত উল্লেখ কৰে যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ অসমৰ এটা অদ্বিতীয় যুৱ আৰু ছাত্ৰৰ সংগঠন। ১৯৭৮ চনৰ জন্মলগ্নৰে পৰা পৰিষদে নিজৰ মূল দাবী সমূহৰ লগতে অসম আৰু অসমীয়া জাতিৰ প্ৰতি অহা প্ৰতিটো সমস্যা সমাধানৰ বাবে সন্মূখৰ পৰা নেতৃত্ব দি আহিছে। ইয়াৰোপৰি, অসমৰ আৰ্থসামাজিক, সাংস্কৃতিক, শৈক্ষিক দিশৰ ওপৰতো কাম কৰি আছে। সামন্তৰালকৈ উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য সমূহত বিভিন্ন ক্ষেত্ৰত দেখা দিয়া সংকটৰ সময়তো যুৱ-ছাত্ৰ পৰিষদে শক্তিশালী ভূমিকা পালন কৰি আহিছে।

মৰিগাঁৱৰ পৰা মনোৰঞ্জন মহন্ত

Exit mobile version