Site icon Guwahati Times

11KV বৈদ্যুতিক তাঁৰত স্পৰ্শ কৰি আত্মহননৰ চেষ্টা এজন যুৱকৰ ।

➡️11KV বৈদ্যুতিক তাঁৰত স্পৰ্শ কৰি আত্মহননৰ চেষ্টা এজন যুৱকৰ ।
➡️ ঘটনাটো সংঘটিত হৈছে মৰিগাঁৱৰ ঔজাৰিত ।
➡️ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি মৰিগাঁও ঔজাৰিৰ পথত এখন মাছৰ বাহনত দুজন মান যুৱকৰ মাজত কিছু সংঘাতৰ সৃষ্টি হোৱাত এজন যুৱকে পথত থকা বৈদ্যুতিক পোষ্টত উঠি গৈ বৈদ্যুতিক তাঁৰ স্পৰ্শ কৰে আৰু লগে লগে মাটিত ধলি পৰে ।
➡️স্থানীয় ৰাইজৰ সহযোগত যুৱক জনক ততাতৈয়াকৈ মৰিগাওঁ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ।
➡️ যুৱক জনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে নগাবন্ধা গৰৈমাৰীৰ বুলি জানিব দিয়ে ।

মৰিগাঁৱৰ পৰা মনোৰঞ্জন মহন্ত

Exit mobile version