31.2 C
Assam
Saturday, October 1, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

শাৰদীয় দুৰ্গা পূজাৰ বিশেষ সংখ্যা “মৌ-মাত” দ্বি-মাসিক শিশু আলোচনীলৈ লেখা আহ্বান

Assamese Newsশাৰদীয় দুৰ্গা পূজাৰ বিশেষ সংখ্যা "মৌ-মাত" দ্বি-মাসিক শিশু আলোচনীলৈ লেখা আহ্বান

নিউজ ব্যুৰ’,নগাঁও,৩০আগষ্ট :– নগাঁও জিলাৰ ধিঙৰ পৰা প্ৰকাশ পোৱা “মৌ-মাত” নামৰ দ্বি-মাসিক শিশু আলোচনীখনে পাঠক সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰি ইতিমধ্যে তৃতীয় সংখ্যা অতিক্ৰম কৰিলে। “মৌ-মাত”ৰ চতুৰ্থ সংখ্যাটো চলিত বৰ্ষৰ আগন্তুক অক্টোবৰ-নৱেম্বৰত প্ৰকাশ পাব শাৰদীয় দুৰ্গা পূজাৰ বিশেষ সংখ্যা হিচাপে । এই বিশেষ সংখ্যাটিৰ বাবে শিশুসকলৰ লগতে ইচ্ছুক লেখক- লেখিকাসকলৰ পৰা শিশু উপযোগী গল্প,সাধু,কবিতা,প্ৰবন্ধ, ছবি,সাঁথৰ,স্বাস্থ্য,শিক্ষা,মহৎ লোকৰ জীৱনী,ভ্ৰমণ কাহিনী, ক্ৰীড়া,সাংস্কৃতিক,কুইজ,দেৱী দুর্গাৰ বিষয় ইত্যাদি লেখাসমূহ “মৌ-মাত”ৰ ই-মেইল যোগেদি প্ৰেৰণ কৰিবলৈ সম্পাদক বন্দনা নাথ ঠাকুৰীয়াই আহ্বান জনাইছে ।

অসমীয়া মাধ্যমৰ লগতে ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলেও লেখা প্ৰেৰণ কৰিব পাৰিব । উল্লেখ্য যে “মৌ-মাত”লৈ লেখাসমূহ ৫ ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব । বেটুপাতৰ বাবে ইচ্ছুক শিশুসকলে অনতিপলমে যোগাযোগ কৰিব লাগিব । বছৰেকীয়া গ্ৰাহক হ’বলৈ বিচৰা সকলে সম্পূৰ্ণ ঠিকনা লিখি প্ৰেৰণ কৰিব লাগিব আৰু প্ৰথম সংখ্যাৰ পৰা আটাইকেইখন আলোচনী ডাক যোগে পঠিওৱা হ’ব । পূজাৰ সংখ্যাটিত শিশুসকলৰ বাবে চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে দেৱী দুৰ্গাৰ ৰঙীণ ছবি একোখন আঁকি “মৌ-মাত”লৈ ৫ ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। প্ৰতিখন ছবি পূজাৰ সংখ্যাত প্ৰকাশ কৰাৰ লগতে প্ৰথম,দ্বিতীয় আৰু তৃতীয় বিজয়ী প্ৰতিযোগীক “মৌ-মাত”ৰ প্ৰথম বাৰ্ষিক অধিৱেশনত পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব। লেখাসমূহ [email protected] com আৰু 6000168183 হোৱাটচ এপ নম্বৰত প্ৰেৰণ কৰিব লাগিব ।ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: