শুকুৰবাৰে মাজনিশা অহা ধুমুহা শিলাবৃষ্টিৰ ফলত ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাটো যথেষ্ট পৰিমাণে ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে । জিলাখনৰ মুছলপুৰৰ সমীপৱৰ্তী বিষ্ণুপুৰ দীঘলদঙাৰ প্ৰায় ৭০ টা পৰিয়ালৰ বাসগৃহৰ টিনপাত সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় নিশা হোৱা শিলাবৃষ্টিৰ ফলত ।যাৰ ফলত উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে বাক্সা জিলাৰ এখন গাওঁৰ ৰাইজে । প্ৰায় আধা কিলোগ্ৰাম ওজনৰ শিল পৰি ৭০ টা পৰিয়ালৰ ফুটিল টিনপাত ।
মুছলপুৰত প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টিৰ ফলত ৭০ টা পৰিয়ালৰ ফুটিল টিনপাত…

