Site icon Guwahati Times

এম ভি গংগাবিলাসৰ বিদেশী পৰ্যটকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্রমণ

বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী বিশ্বৰ সৰ্বাধিক দূৰত্বৰ প্ৰমোদতৰী এম ভি গংগাবিলাসৰ বিদেশী পৰ্যটকে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্রমণ কৰে। বিদেশী পৰ্যটকসকলে পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত জীপ চাফাৰি কৰি সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰে৷ উল্লেখযোগ্য যে অহা ১ মাৰ্চত জাহাজখন ডিব্ৰুগড় গৈ পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জাহাজখনে অতিক্ৰম কৰিবলগীয়া মুঠ ৩,২০০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত প্ৰায় ৩ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। যোৱা ১৩ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাহাজখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিছিল।

Exit mobile version