ফেচবুকে বন্ধ কৰিলে ম্যানমাৰৰ সামৰিক শাসকৰ পৃষ্ঠা

1 min read

ম্যানমাৰত কালি প্রতিবাদী জনতাৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাৰ ঘটনাত দুজন নিৰীহ লোক নিহত হয়৷ এই ঘটনাৰ পিছতে বিশ্বজুৰি ম্যানমাৰৰ সামৰিক প্রশাসনৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ আজি এই প্রতিক্রিয়া আৰু বিক্ষোভৰ মাজতে ছ’চিয়েল মিডিয়া প্লেটফর্ম ফেচবুকে দেশখনৰ সেনাই চলাই থকা পৃষ্ঠা এটাৰ বিলুপ্তি ঘটাইছে৷ সামৰিক চৰকাৰৰ ‘ট্রু নিউজ’ শীর্ষক তথ্য সেৱাৰ প্লেটফর্ম ফেচবুকে বন্ধ কৰি দিয়াৰ পিছত এই ঘটনাক আদৰণি জনাইছে বিভিন্ন মহলে৷

ফেচবুকে অভিযোগ কৰিছে যে ম্যানমাৰ প্রশাসনে অন্যায়ভাৱে প্রতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিছে৷ তেনে অন্যায় ব্যৱস্থা এটাৰ সৈতে ফেচবুকে নীতিগত কাৰণত সম্পর্ক নাৰাখে বুলিও স্পষ্ট কৰি দিছে৷ শান্তিপূর্ণ প্রতিবাদত নির্বিচাৰ গুলীচালনা কৰা ঘটনাক ফেচবুকে কেতিয়াও সমর্থন নকৰে বুলিও ঘোষণা কৰিছে৷ স্মর্তব্য যে কিছুদিন পূর্বে অভ্যুত্থানৰ জৰিয়তে দেশখনৰ সেনাই ক্ষমতা হস্তগত কৰাৰ উপৰি গণতান্ত্রিকভাৱে নির্বাচিত নেতাসকলক বন্দী কৰিছে৷
Source – Niyomiabarta

You May Also Like

More From Author