Site icon Guwahati Times

সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ

নিউজ ব্যুৰ’,নগাঁও,১৫জুন:–অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে নগাঁও চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসম চৰকাৰে গ্ৰহণ কৰা ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাত ইংৰাজী মাধ্যমত পঢ়াৰ সিদ্ধান্তৰ বিৰূদ্ধে প্রায় ৫০০ ছাত্ৰ প্ৰতিনিধিৰ উপস্থিতিত নগাঁও চহৰৰ মাজেৰে জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি এক সমদল বাহিৰ কৰে । ছাত্ৰ সন্থাৰ নেতা,কৰ্মীসকলে আইৰ মুখৰ ভাষা কাঢ়ি নিয়াৰ সিদ্ধান্ত মানি লোৱা নহ’ব,মাতৃভাষা বিৰোধী চৰকাৰৰ সিদ্ধান্ত বাতিল কৰা,বিজেপি চৰকাৰ হায় হায়,শিক্ষামন্ত্ৰী মুৰ্দাবাদ, শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক,অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে ।

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ নেতা সকলে অসম চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে যি সময়ত ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে ৰাজ্যসমূহত মাতৃভাষাত মাধ্যমত শিক্ষা প্ৰদান কৰা বাবে আহ্বান জনাইছে,সেই সময়ত অসম চৰকাৰে যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে ই কোনো কাৰণত গ্ৰহণযোগ্য নহয় । অসম চৰকাৰক অতি শীঘ্ৰেই এই সিদ্ধান্ত বাতিল কৰিবলৈ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই দাবী জনাইছে । এই কাৰ্যসূচীত নগাঁও জিলা ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল হাজৰিকা,কেন্দ্ৰীয় কার্যনিৰ্বাহক গৌৰী শংকৰ শইকীয়া,নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা আৰু সাধাৰণ সম্পাদক কংকন জ্যোতি বৰুৱাৰ নেতৃত্বত সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version