Site icon Guwahati Times

কাঠমাণ্ডুৰ চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়ালে নগাঁৱৰ চিত্ৰশিল্পী লক্ষীপ্ৰভাই

নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণকৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে যশস্বী চিত্ৰশিল্পী লক্ষীপ্ৰভা শইকীয়াই । চিত্ৰশিল্পী,আবৃত্তিকাৰ লক্ষীপ্ৰভাই আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰি ভুয়সী প্ৰশংসা লাভ কৰি নগাঁও তথা অসমবাসীক গৌৰৱান্বিত কৰিছে । বিগত দিনবোৰত ভাৰতৰ বিভিন্ন ঠাইত চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা লক্ষীপ্ৰভাৰ এইখন প্ৰথম আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী ।

যোৱা ২৩ মে’ৰ পৰা ২৫ মে’লৈ নেপাল আৰ্ট কাউঞ্চিল(কাঠমাণ্ডু)ত অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীত আমেৰিকা যুক্তৰাষ্ট্ৰ,লণ্ডন,ৰাছিয়া, টাইৱান আদিকে ধৰি পৃথিৱীৰ বহু দেশৰ শিল্পীয়ে অংশগ্ৰহণ কৰে । নগঞা শিল্পীগৰাকীক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰাৰ লগতে সেন্দুৰীয়া আলিবাটেৰে লক্ষীপ্ৰভাৰ এই শিল্প কৰ্ম আগুৱাই যোৱাটো কামনা কৰিছে । বৰ্তমান চিত্ৰশিল্পী গৰাকীয়ে সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদ (কলকতা)ৰ অধীনত “নৱৰং চিত্ৰাংকন বিদ্যালয়”ৰ অধ্যক্ষা হিচাপে টাউন তেলিয়াগাঁও প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক ছবিৰ পাঠদান কৰি আছে । উল্লেখ্য যে লক্ষীপ্ৰভা নগাঁৱৰ বিশিষ্ট অভিনেতা তথা সমাজকৰ্মী পৱিত্ৰ কলিতাৰ পত্নী ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version