Site icon Guwahati Times

নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত দুই শতাধিক ছাত্ৰ-ছাত্ৰীক অনুসূচিত ব’ৰ্ডৰ অনুশীলন বহী বিতৰণ

নিউজ ব্যুৰ’,নগাঁও,১০জানুৱাৰী: নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ উদ্যোগত মংগলবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ আগশাৰীৰ শিক্ষানুষ্ঠান আৰ্য জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুশীলন বহী বিতৰণ কৰা হয় । এই উপলক্ষে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এটি অনুষ্ঠানত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ নৰেন দাস,ব’ৰ্ডৰ পৰিদৰ্শক অভিজিৎ ফুকন,ব’ৰ্ডৰ সদস্যত্ৰয় নৱ জ্যোতি দাস,অৰুণ বণিয়া আৰু অনুপম দাস,জ্যেষ্ঠ সাংবাদিকদ্বয় দেৱজিৎ হাজৰিকা আৰু ঋতু পৰ্ণ শৰ্মা উপস্থিত থাকে ।

ভাষণ প্ৰসংগত নৰেন দাস ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নশীল হ’বলৈ আহ্বান জনায় । অনুষ্ঠানত উপস্থিত অভিজিৎ ফুকন,নৱ জ্যোতি দাস,অৰুণ বনিয়াৰ লগতে সাংবাদিকদ্বয় দেৱজিৎ হাজৰিকা আৰু ঋতু পৰ্ণ শৰ্মাই বিদ্যালয়খনৰ শৈক্ষিক ফলাফলৰ ধাৰা অব্যাহত ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় । বিদ্যালয়ৰ সহকাৰী শিক্ষক অনুপম দাসে আঁত ধৰা অনুষ্ঠানত অধ্যক্ষা বৰ্ণালী বৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকল উপস্থিত থাকে । অনুষ্ঠানত বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত অনুশীলন বহী বিতৰণ কৰা হয় । উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে অতিথিসকলক আৰ্য জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনোৱা হয় । নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বহী বিতৰণৰ কাৰ্যসূচী অনাগত দিনত অব্যাহত থাকিব বুলি অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ তৰফৰ জনোৱা হৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version