Site icon Guwahati Times

নগাঁৱৰ কামপুৰত সাহিত্য সভাৰ উদ্যোগত দুখন গ্ৰন্থ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,২১আগষ্ট :–নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কামপুৰ শাখা সাহিত্য সভাৰ সহযোগত সোণালী জয়ন্তী বৰ্ষৰ গ্ৰন্থ উন্মোচন আৰু স্বৰচিত কবিতা পাঠ অনুষ্ঠান ৰবিবাৰে অনুষ্ঠিত হৈ যায় । নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত কামপুৰ শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত প্ৰয়াত প্ৰগতিবাদী কবি যজ্ঞেশ্বৰ লস্কৰৰ কবিতা সংকলন “এটা শীতল উপত্যকাৰ বাবে” উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই । গ্ৰন্থখনি সম্পাদনা কৰিছে লেখক ত্ৰিদিব লস্কৰে। গ্ৰন্থ উন্মোচন কৰি উন্মোচক পৰাণ কুমাৰ বৰুৱাই প্ৰয়াত কবি যজ্ঞেশ্বৰ লস্কৰৰ প্ৰগতিবাদী কবিতা সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় । এই অনুষ্ঠানতে কামপুৰৰ উদীয়মান কবি ইৰামণি শইকীয়াৰ নিৰ্বাচিত কবিতা সংকলন “মৎস্যগন্ধাৰ চকুলো” উন্মোচন কৰে কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অসীম বৰাই। সভাত উপস্থিত থাকে নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, ভাষা প্ৰয়োগ সমিতিৰ কাৰ্যকৰী সভাপতি ভৱেশ মেধি,নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি ৰতি মোহন নাথ,ঠগিত মহন্ত,কাৰ্যকৰী সদস্য অধৰ ঠাকুৰীয়া,সহকাৰী সম্পাদক ৰাজীৱ হাজৰিকা, কাৰ্যকৰী সদস্য প্ৰিয়াংশু শৰ্মা, কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতী,কামপুৰ লেখিকা সমাৰোহ সমিতিৰ সভাপতি লাৱণ্য বৰঠাকুৰ, লেখিকা ড° মঞ্জু লস্কৰকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা আৰু কামপুৰ শাখা সাহিত্য সভাৰ সম্পাদক শৰৎ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত শতাধিক সাহিত্যনুৰাগী ৰাইজ উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি স্বৰচিত কবিতা পাঠ অনুষ্ঠানো অনুষ্ঠিত হয়। উল্লেখ্য যে কবিতা পাঠ অনুষ্ঠানত ত্ৰিশ গৰাকীতকৈ অধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version