Site icon Guwahati Times

নগাঁৱৰ বামুণীৰ শ শ গো-ধন “লাম্পি স্কিন ডিজিজ”ত আক্ৰান্ত,চিন্তিত পশুপালক

এক অচিন সোচৰা ৰোগত আক্রান্ত হৈছে নগাঁৱৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ গো-ধন । এই বিষয়টোৱে স্বাভাৱিকতে চিন্তিত কৰি তুলিছে পশুপালক সকলক । বিশেষকৈ বামুণী অঞ্চলৰ দলৈগাঁৱৰ বহুকেইজন পশুপালকৰ গো-ধন এই সোচৰা বেমাৰত আক্রান্ত হৈ মৃত্যুমুখতো পৰিছে । পশু চিকিৎসকৰ ভাষাত গো-ধনৰ এই বেমাৰটোৰ নাম “লাম্পি স্কিন ডিজিজ” চমুকৈ এল এছ ডি । এই বেমাৰত আক্ৰান্ত হ’লে গো-ধনৰ গোটেই গাটোৰ ভিতৰত অথবা বাহিৰত গুটি গুটি হৈ উঠে আৰু ফোঁহাৰ দৰে ফাটি যায় । ফলত গো-ধনে ঘাঁহ খাবলৈ মন নকৰে আৰু ৰাতিটোৰ ভিতৰতে মৃত্যুমুখত পৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে বামুণী অঞ্চলৰ অধিকাংশ লোক কৃষিনির্ভৰশীল হোৱাৰ লগতে পশুপালনেৰে কোনো মতে জীৱিকা নিৰ্বাহ কৰে। শেহতীয়াকৈ এই ভয়াৱহ বেমাৰটোৱে অঞ্চলটোৰ পশুপালকসকললৈ দুৰ্যোগ নমাই আনিছে । নিজৰ উপাৰ্জনৰ একমাত্ৰ সম্বল হিচাপে ৰখা পোহনীয়া গো-ধনসমূহ এনেদৰে আকস্মিকভাৱে মৃত্যু হোৱাত তেওঁলোকে এতিয়া মূৰে-কপালে হাত দিবলগা হৈছে। এনে বিপর্যয়ৰ সন্মুখীন হোৱা কৃষক তথা পশুপালকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈও স্থানীয় লোকে চৰকাৰৰ প্ৰতি দাবী জনাইছে।

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন

Exit mobile version