চন্দ্ৰপুৰৰ পাছত এইবাৰ নগাঁৱত জাবৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি

1 min read

জাবৰ পেলোৱাক লৈ নগাঁৱৰ কাছমাৰীত স্থানীয় ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । বুধবাৰেই আৰক্ষীৰ সহযোগত নগাঁও পৌৰসভাৰ ৮ খন গাড়ীয়ে কাছমাৰীৰ শিমলুগুৰিৰ আদৰ্শ গাঁৱৰ কাষত থকা হুগলতলি ৰিজাৰ্ভত চহৰখনৰ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা জাবৰ পেলাবলৈ নিছিল । কিন্তু স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজে জাবৰ পেলোৱাত বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰী ৰাইজে নগাঁও পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান পৰ্যন্ত দিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হয় ।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, এনেদৰে জাবৰ পেলোৱাৰ বাবে খেতি পথাৰলৈ যোৱা মানুহৰ অসুবিধা হৈছে । দুৰ্গন্ধৰ বাবে গৰখীয়া লোক সকলে গৰু চৰাব পৰা নাই । সেই পেলনীয়া জাৱৰৰ যেতিয়া ওচৰৰ ঘাহঁনি দৰাত মিলিত হ’ব তেতিয়া সেই ঘাঁহ বন গৰু-ছাগলীয়ে নাখাব । আনহাতেদি কাষৰে বৈ যোৱা সোনাই নৈত সেই জাৱৰ মিহলি হলে তাত থকা মাছবোৰ মৰি যোৱাৰ সম্ভাৱনাও আছে ।

উল্লেখযোগ্য যে, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিধান সভাৰ মজিয়াত নগাঁও চহৰৰ নদী সমূহ বেদখলমুক্ত কৰি আকৰ্ষণী তথা সৌন্দৰ্যবৰ্ধনৰ বাবে চৰকাৰক আহ্বান জনাই বক্তব্য ৰাখিছিল । কিন্তু নগাঁও পৌৰসভাই সোণাই নৈ প্ৰায় কাষতে হুগলাতলি ৰিজাৰ্ভত জাবৰ পেলোৱা কাৰ্যই বিধায়কজনৰ ইতিবাচক প্ৰয়াসকো যেন মানিব বিচৰা নাই সেই চৰ্চা হৈছে ।

উল্লেখযোগ্য, চহৰখনৰ নেহৰুৱালি ওচৰৰ অগপ কাৰ্যালয়ৰ সমীপত, তেলীয়াপট্টি চাৰি আলিৰ ওচৰত, হয়বৰগাঁও বজাৰ, বৰ বজাৰ, কেলটেক্স চাৰি আলি, পানী গাঁও আদিকে ধৰি কেইবাটাও স্থানত একাংশ লোকে নিজৰ ঘৰৰ গেলা-পচা জাবৰ জোঁথৰ নিশা আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পেলাই থোৱাৰ ফলত চহৰখনত সৃষ্টি হৈছে এক অস্বাস্থ্যকৰ পৰিৱেশ ।

ইপিনে পৰিবেশ সংৰক্ষণ সংগঠন পান্থতৰু সংৰক্ষণী অসমে পৌৰ নিগমৰ এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে । এতিয়া জাবৰ পেলোৱাক লৈ পৰৱৰ্তী সময়ত নগাঁও পৌৰ সভাই কি ভূমিকা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ।

You May Also Like

More From Author