Site icon Guwahati Times

নগাঁৱৰ বৰক’লাত বনৰীয়া হাতীৰ তাণ্ডৱ,শংকিত গাঁওবাসী

নিউজ ব্যুৰ’,নগাঁও,১২জানুৱাৰী:–নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰক’লা গাঁৱৰ কৃষি প্ৰধান অঞ্চলসমূহত সম্প্ৰতি বনৰীয়া হাতীৰ তাণ্ডৱে শংকিত কৰি তুলিছে গাঁওবাসীক ৷ উল্লেখ্য যে, এমাহ দিন ধৰি বৃহত্তৰ বৰক’লাত অঞ্চলত বন্যহস্তীৰ এটা বৃহৎ দলে সোণোৱালী পকা ধাননিত সোমাই এফালৰ পৰা পকা ধান খাই তচ-নচ কৰি পেলাইছে । কালি নিশা বৰক’লা গাঁৱৰ প্ৰায় ৩০ টাৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি সৰ্বসাধাৰণ ৰাইজক আতংকিত কৰি তুলিছে ।আনহাতে,বন্যহস্তীৰ দলটোৱে কোনো লোকক ক্ষতি কৰা নাই যদিও এই বৃহৎ বন্যহস্তীৰ দলটোৱে বৰক’লা গাঁৱৰ সদ্য প্ৰয়াত দৰবাৰ সিঙৰ ভঁড়াল গৃহৰ লগতে পাছফালৰ গৃহ ভাঙে ।

ইয়াৰ উপৰি চম্পী ডেকাৰ আৱাস গৃহ আৰু ভঁড়াল ঘৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে যশৱন্ত সিং,প্ৰয়াত উপাৰ্জন ডেকা,লক্ষী ডেকাৰ গৃহকে ধৰি ডেৰ কুৰিৰো অধিক গৃহত উপদ্ৰৱ চলাই বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে,আজি এমাহ দিন ধৰি বৰক’লা অঞ্চলত বনৰীয়া হাতীয়ে সৃষ্টি কৰা তাণ্ডৱ ৰোধৰ ক্ষেত্ৰত নগাঁও বন বিভাগে কোনো ব্যৱস্থা নকৰি বনাঞ্চললৈ হাতীৰ দলটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বুলি স্থানীয় বাসিন্দাই গুৰুত্বৰ অভিযোগ কৰিছে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version