23.6 C
Assam
Sunday, September 25, 2022

Featured News

নগাঁৱৰ কামপুৰত লেখক- সাংবাদিক ৰাজু সমীৰণৰ গ্ৰন্থ “জলপ্ৰলয়” উন্মোচন

Assamese Newsনগাঁৱৰ কামপুৰত লেখক- সাংবাদিক ৰাজু সমীৰণৰ গ্ৰন্থ "জলপ্ৰলয়" উন্মোচন

মুক্তি দিয়া হ’ল “বানে ধোৱা চকুলো” দৃশ্যশ্ৰব্য ভি ডি অ’

নিউজ ব্যুৰ’,নগাঁও,৭আগষ্ট:–অসমৰ ভয়াবহ বান বিভীষিকাক সমল কৰি নগাঁও জিলাৰ কামপুৰৰ যুৱ লেখক, সাংবাদিক ৰাজু সমীৰণে লিখি উলিওৱা “জলপ্ৰলয়” গ্ৰন্থখনি ৰবিবাৰে কামপুৰত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । কমল -কিৰণ গ্ৰন্থালয়ৰ উদ্যোগত কামপুৰৰ স্বৰাজ ভৱনত আয়োজিত সভাখনিত সভাপতিত্ব কৰে শিক্ষাবিদ সুধাময় দাসে । গ্ৰন্থ উন্মোচন কৰে কামপুৰৰে চাৰিজনকৈ জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ,মোলান লস্কৰ,নীল কমল শইকীয়া আৰু নলিনী বৰঠাকুৰে ।

গ্ৰন্থ উন্মোচন কৰি সভাৰাম মজুমদাৰে সাংবাদিক ৰাজু সমীৰণে গ্ৰন্থখনি ৰচনা কৰি এক ঐতিহাসিক সমল অসমবাসীক দিয়া বুলি মন্তব্য কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট কবি, সাহিত্যিক ড° নন্দ সিং বৰকলা তথা বিশিষ্ট অতিথি হিচাপে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈ,কামপুৰ পৌৰসভাৰ পৌৰপতি ধৰিত্ৰী বৰুৱা,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা,সম্পাদক ৰেৱত কুমাৰ হাজৰিকা,বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ “নতুন কবিতা”ৰ সম্পাদক মদাৰ জ্যোতি,কবি নীলাভ সৌৰভ,নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা,নগাঁৱৰ পৰা প্ৰকাশিত “ৰণাংগন” আলোচনীৰ সম্পাদক মিন্টু দাস,উপ সভাপতি অশোক ৰাম ভট্টাচাৰ্য,নগাঁও সদৰ কবি সন্মিলনৰ সম্পাদক কবিতা বৰা,হোজাই জিলা সাহিত্য সভাৰ সম্পাদক বিৰাজ কুমাৰ বৰা,অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদিৱ লস্কৰ,কামপুৰ শাখা সাহিত্য সভাৰ সভাপতি লক্ষীকান্ত নাথ,সম্পাদক শৰৎ গোস্বামী,কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতী উপস্থিত থাকে । নিদিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি বিশিষ্ট কবি ড° নন্দ সিং বৰকলাই যুৱ লেখক ৰাজু সমীৰণৰ প্ৰয়াসক শলাগ লৈ “জলপ্ৰলয়” গ্ৰন্থখনি এখন দলিল হৈ ৰ’ব বুলি মন্তব্য কৰে ।

আনহাতে অসমীয়া -ভাষা সংস্কৃতি চহকী কৰাৰ ক্ষেত্ৰত নৱপ্ৰজন্মই গুৰুত্ব পূৰ্ণ ভূমিকা ল’ব লাগে বুলি মন্তব্য কৰে। সাহিত্যিকগৰাকীয়ে অসমৰ বান সমস্যা বিজ্ঞান সন্মত ভাৱেহে সমাধান সম্ভৱ বুলি মন্তব্য কৰে । আনহাতে কামপুৰৰ মুক্তিযোদ্ধা ভিবিৰাম বৰাৰ ত্যাগৰ সঠিক মূল্যায়ন নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰে । গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি ৰাজু সমীৰণৰ কথাৰে অঞ্জন ভূঞাৰ সুৰ আৰু কণ্ঠত “বানে ধোৱা চকুলো” শীৰ্ষক এটি দৃশ্যশ্ৰব্য গীতৰো শুভমুক্তি দিয়া হয়। গীতটো মুকলি কৰে সংগীত শিল্পী গগন বৰুৱাই । সভাত যুৱ লেখক গিৰিশংকৰ গোস্বামী,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাকে ধৰি কামপুৰৰ শতাধিক সাহিত্যনুৰাগী ব্যক্তি উপস্থিত থাকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: