Site icon Guwahati Times

আজি বিহালী হাতীবন্ধাত শংকৰ পুথিভঁৰালৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

আজি বিহালী সমষ্টিৰ গাংমৌ থান গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাতীবন্ধাৰ শংকৰ পুথিভঁৰালৰ উদ্যোগত আৰু হাতীবন্ধা গাঁওৰ ৰাইজৰ সহযোগত কৃতি ছাত্র-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। দিনৰ ১১ বজাত সোনাৰীপাৰ সত্ৰৰ সত্ৰাধিকাৰ হৰেন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত উপস্থিত থাকে লগতে বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেবানন্দ নাথ প্ৰমুখ্যে শতাধিক ৰাইজ উপস্থিত থাকে। সভাত ২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হোৱা মহাতীবন্ধা গাওঁৰ লগতে বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত উচ্চমাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত সৰ্বোচ্চ নম্বৰ লাভ কৰা ১৯গৰাকী কৃতি ছাত্ৰ-ছাত্ৰী একোখনকৈ গামোচা, গ্ৰন্থ আৰু মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে বিধায়ক ৰঞ্জিত দত্তই পিতৃ স্বৰ্গীয় কুলধৰ দত্তৰ সোঁৱৰণত আগ বঢ়োৱা বঁটাটো লাভ কৰে বিহালী শিক্ষা খণ্ডৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা উচ্চতৰ মাধ্যমিকৰ জয়শ্ৰী পালে । বিধায়ক গৰাকীয়ে প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ দুহেজাৰ টকাকৈ অৰ্থ সাহায্য আগবঢ়ায়। আনহাতে মৃদুল দত্তই মাতৃ লিলি দত্তৰ সোঁৱৰণত আগবঢ়োৱা বঁটা লাভ কৰে উচ্চ মাধ্যমিকত সৰ্বোচ্চ নম্বৰ লাভ কৰা সুমন্ত কুমাৰ ৰাইভূঞাই । অনুষ্ঠানত বিশ্ব অভিলেখত সৃষ্টিত বিহু নৃত্যত অংশগ্ৰহণ কৰা গাঁও খনৰ পাঁচ গৰাকী নাচনীকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটি পাঞ্জুমণি কটকীয়ে পৰিবেশন কৰা এটি বৰগীতেৰে আৰম্ভ কৰা হয়। তাৰ পিছতে ৰিণী মুক্তীয়াৰে কৃষ্ণনৃত্য পৰিবেশন কৰে । লগতে কাৰ্যসূচী সমূহৰ আঁত ধৰে সম্পাদক মৃদুল দত্তই। বিহালীৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

Exit mobile version