Site icon Guwahati Times

নগাৱঁৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত মোবাইল ফোনৰ গৰাকীৰ ভিৰ

চুৰি হোৱা মোবাইল ফোন নিবলৈ আহি গৰাকীয়ে ভিৰ কৰিলেহি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত।

নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ তৎপৰতাত ৫ দিনত উদ্ধাৰ হল ২০টা চুৰি হোৱা মোবাইল ফোন।

নগাৱঁৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে ২০টা চুৰি হোৱা মোবাইল ফোন।

উদ্ধাৰ হোৱা মোবাইল ফোন সমূহ বুধবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নথি পত্ৰ পৰীক্ষা কৰি ঘুৰাই দিয়ে গৰাকী সকলক।

আগন্তুক দিনত চুৰি হোৱা সামগ্ৰী উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিব বুলি জানিব দিয়ে নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তই।

আনহাতে চুৰি হোৱা মোবাইল ফোন ঘূৰাই পাই অত্যন্ত সুখী হৈ পৰিল গৰাকী।

নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ লগতে নগাঁও আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিলে মোবাইল ফোনৰ গৰাকীয়ে।

Exit mobile version