Site icon Guwahati Times

শিমলুগুৰিত “নৃত্যাংগনা ডেঞ্চ একাডেমী” মুকলি

নিউজ ব্যুৰ’,নগাঁও,২৫জুলাই:–জনপ্ৰিয় নৃত্যশিল্পী ৰিপক বৰাৰ উদ্যোগত নগাঁও- মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী শিমলুগুৰিত মঙলবাৰে “নৃত্যাংগনা ডেঞ্চ একাডেমী” শীৰ্ষক এখনি নৃত্য আৰু চিত্ৰাংকনৰ বিদ্যালয় মুকলি কৰা হয় । অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবোধ নাথে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীশ পাটৰে ২০১৭ চনৰ জি টিভিত সম্প্ৰচাৰিত “দি আই দি”ত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা নগাঁও জিলাৰ জনপ্ৰিয় নৃত্যশিল্পী ৰিপক বৰাৰ সপোনৰ বিদ্যালয়খনৰ পৰা মৰিগাঁও জিলাৰ শিমলুগুৰি, সৰুবৰি,ন-তৰাবৰি,হাতী বাট, বৰচলা,ঠাকুৰীয়া বৰি অঞ্চলৰ নতুন প্ৰজন্ম উপকৃত হ’ব আৰু অঞ্চলটোত সাংস্কৃতিক বাতাবৰণ সৃষ্টি হ’ব বুলি মন্তব্য কৰে । ডাঃ বাবুল নাথে আঁত ধৰা অনুষ্ঠানটিত অপূৰ্ব কুমাৰ নাথ,কণ্ঠশিল্পী ৰীমা বৰা,মিন্টু বৰা,নৃত্যশিল্পী জ্যোতি প্ৰসাদ বৰুৱা,মুনীন্দ্ৰ নাথ,প্ৰসন্ন পাটৰ,কিৰণ পাটৰ,শিক্ষয়িত্ৰী জয়ামণি দেবীকে আদি কৰি শতাধিক লোক উপস্থিত থাকে । উল্লেখ্য যে,আৰম্ভণিতে প্ৰতি শনি আৰু ৰবিবাৰে সৃষ্টিশীল নৃত্য, লোক নৃত্য আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ হ’বলগীয়া “নৃত্যাংগনা ডেঞ্চ একাডেমী” বিদ্যালয়ত যোগাযোগৰ বাবে ৯১০১৪৬৯০৬১ নম্বৰত যোগাযোগ কৰিবলৈ ৰিপক বৰাই আহ্বান জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version