Site icon Guwahati Times

নগাঁৱৰ সোণাইঘাট প্ৰেছ ক্লাৱত সাংবাদিক,সমাজকৰ্মীক সম্বৰ্ধনা

নিউজ ব্যুৰ’,নগাঁও,২৫জুলাই:–নগাওঁ জিলাৰ সোণাই পৰীয়া সাংবাদিকৰ উমৈহতীয়া মঞ্চ সোণাইঘাট প্ৰেছ ক্লাৱৰ উদ্যোগত মংগলবাৰে বিয়লি নগাঁৱৰ সাংবাদিক আৰু সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয় । সোণাইঘাট প্ৰেছ ক্লাৱৰ উদ্যোগত চলি থকা বাণিজ্য মেলা উপলক্ষে বিয়লি প্ৰেছ ক্লাৱৰ সভাপতি তথা সাংবাদিক বাহাৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সাংবাদিক সম্বৰ্ধনা অনুষ্ঠানটিত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা,নগাওঁ প্ৰেছ ক্লাৱৰ উপ সভাপতি চফিকুৰ ৰহমান, সাংবাদিক-কবি অজয় মাহাতুক ফুলাম গামোচা,সৰুদৈয়া জাপি,কলম আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় । সোণাইঘাট প্ৰেছ ক্লাৱৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মুস্তাফা কামালে আঁত ধৰা আৰু সামগ্ৰিকভাৱে পৰিচালনা কৰা অনুষ্ঠানত সমাজকর্মী-গাঁওপ্ৰধান দিপু দাস,পাৰ্থপ্ৰতিম হাজৰিকা আৰু আমিৰ হুছেইনকো সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে শংকৰ-আজানৰ পৰম্পৰাই সমৃদ্ধ সোণাইপৰীয়া ৰাইজে তাহানিৰ দৰে আজিও এক ঐক্যৰে বান্ধ খাই আছে, ভৱিষ্যতও থাকিব । এইয়া নগাঁৱৰ গৌৰৱ তথা সমন্বয়ৰ বাৰ্তা । সভাত সাংবাদিক চফিকুৰ ৰহমান,অজয় মাহাতুয়ে সাৱলীল ভাষণ প্ৰদান কৰা অনুষ্ঠানত শিশু শিল্পী অনুষ্কা দাস আৰু ৰিম্পী দাসৰ নৃত্যই জীপাল কৰি তোলে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version