Site icon Guwahati Times

কামপুৰৰ শ্ৰীমন্ত শংকৰদেৱ জিলা শাখাৰ উদ্যোগত আয়োজিত ১৫দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২৬জুলাই:–শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ উদ্যোগত যোৱা ১১ জুলাইৰ পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে আয়োজিত সাংস্কৃতিক কৰ্মশালাখনিৰ বুধবাৰে সফল সামৰণি পৰে । সামৰণি অনুষ্ঠান উপলক্ষে কামপুৰৰ শংকৰ সংঘৰ জিলা নামঘৰত অনুষ্ঠিত সাংস্কৃতিক কৰ্মশালাখনিৰ সামৰণি সভাত সভাপতিত্ব কৰে কামপুৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা শাখাৰ সম্পাদক দিগেন বৰাই আৰু অনুষ্ঠানৰ আঁত ধৰে সাংস্কৃতিক সম্পাদক দিব্যজ্যোতি বৰুৱা তথা শংকৰী সংগীত বিদ্যালয়ৰ সম্পাদক অমৰজিৎ ভূঞাই । অনুষ্ঠানৰ পূৰ্বে জিলা শংকৰী সংগীত বিদ্যালয়খনৰ শুভ উন্মোচন কৰে সভাপতি মুনিন্দ্ৰ নাথ বৰাই । অনুষ্ঠানৰ আৰম্ভণিতে প্ৰশিক্ষক পিংকী ৰাজখোৱাৰ সাংস্কৃতিক শিল্পী দলে বৰগীত পৰিৱেশন কৰে । ইয়াৰ পিছতে শিল্পীসকলে শংকৰী সত্ৰীয়া নৃত্য,একক নৃত্য আৰু সমূহীয়া খোল বাদন,সত্ৰীয়া নৃত্য আদি পৰিৱেশন কৰি ভক্তপ্ৰাণ ৰাইজৰ মন প্ৰাণ প্ৰশান্তিৰে ভৰাই তোলে। সামৰণি সভাখনত জিলা সাংস্কৃতিক সভাপতি গোলাপ গোহাঁই,শংকৰী সংগীত বিদ্যালয়ৰ সভাপতি তুলসী মোহন বৰা, অধ্যক্ষ নৰেন্দ্ৰ বৰা,মূলৰ সদস্য ড° স্বৰাজ মোহন বৰা,জয় ৰাজখোৱা,ৰবিৰাম শইকীয়া,প্ৰদ্যুম্ন বৰা,আনন্দ বৰা,পদ্মকান্ত ফুকনকে ধৰি কেইবাজনো ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ।

উক্ত অনুষ্ঠানতে প্ৰশিক্ষক পিংকী ৰাজখোৱা,অমৰ জ্যোতি ভূঞা, প্ৰশান্ত কোঁৱৰ আৰু শ্যামলিমা বৰাক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত বুধবাৰে শতাধিক প্ৰশিক্ষাৰ্থীয়ে নিজৰ কলা-প্ৰতিভা প্ৰদৰ্শন কৰে ।আনহাতে জিলা শাখা কৰ্তৃপক্ষই জনোৱা অনুসৰি বৰ্তমান শংকৰ সংঘৰ জিলা নামঘৰৰ শংকৰী সংগীত বিদ্যালয়খনত নামভৰ্তি চলি আছে । সকলো ধৰ্মাৱলম্বীলোকৰ বাবে মুকলি থকা বিদ্যালয়খনত নামভৰ্তি কৰি সহায়-সহযোগিতা আগবঢ়াবলৈ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰা আৰু সংগীত বিদ্যালয়ৰ সভাপতি তুলসী মোহন বৰাই ভক্তপ্ৰাণ ৰাইজ তথা অভিভাৱকলৈ অনুৰোধ জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version