Site icon Guwahati Times

নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২১আগষ্ট:–গ্ৰাম্যাঞ্চলৰ সমাজ ব্যৱস্থাক শিক্ষাৰ মাধ্যমৰে গঢ় দিয়াৰ মানসেৰে ১৯৮৯ চনত কেইজনমান বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল নগাঁও জিলাৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয় । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠিত মহাবিদ্যালয়খনত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জোনাৰাম বৰুৱাই। বন্তি প্ৰজ্বলন কৰে প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰা আৰু মহাবিদ্যালয়খনিত কৰ্মৰত হৈ মৃত্যুবৰণ কৰা ব্যক্তিসকলৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° বীনা কলিতাই । দুপৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত আৰম্ভণি ভাষণ প্ৰদান কৰে অধ্যক্ষ দেৱজিৎ মহন্তই। সভাত মহাবিদ্যালয়ৰ জন্মলগ্নৰ ইতিহাস সোঁৱৰি সাৱলীল ভাষণ প্ৰদান কৰে প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই । অধ্যাপক শ্বৰিফুল ইছলামে আঁত ধৰা সভাত মহাবিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক সদস্য আব্দুল খালেককে প্ৰমুখ্য কৰি অতিথিবৃন্দ,অধ্যাপক- অধ্যাপিকা,কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে সত্রীয়া নৃত্য,লোক নৃত্য,আধুনিক গীত আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version