Site icon Guwahati Times

নগাঁৱত বিশিষ্ট চিত্ৰশিল্পী,কলা নিৰ্দেশক বীৰেন সিংহক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,২২ছেপ্টেম্বৰ :–“আমি এজোপা গছৰ পাত বা তাৰ ফুল চালেই নহ’ব ৷ গছজোপাৰ শিপাৰো খবৰ লাগিব ৷ মই প্ৰথমে এজন মানুহ তাৰ পাছতহে শিল্পী ৷ এয়াই মোৰ স্বপ্ন ৷”–শুক্ৰবাৰে নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে প্ৰদান কৰা “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা–২০২৩” গ্ৰহণ কৰি এনেদৰে কয় বিশিষ্ট চিত্ৰশিল্পী,কলা নিৰ্দেশক বীৰেন সিংহই ৷ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ঠিয় হৈ থকা ঢেকিয়াল ফুকনদেৱৰ প্ৰতিমূৰ্তি শিক্ষক পৰিষদৰ অৰ্থ সাহায্যৰে নিৰ্মাণ কৰা বীৰেন সিংহক একেখন মঞ্চতে “ডঃ ৰাধিকাৰাম ঢেকিয়াল ফুকন আৰু তেওঁৰ গৱেষণা” বিষয়ক “আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বঁটা” প্ৰদান কৰে বিশিষ্ট ৰসায়নবিদ কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰমেশ চন্দ্ৰ ডেকাই । ভাষণ প্ৰসংগত ড° ডেকাই ইমান দিনে অনাবিস্কৃত ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ বিদ্যায়তনিক জীৱনক তেখেতে কিদৰে উন্মোচন কৰিছিল সেই ৰোমাঞ্চকৰ কাহিনী তথ্য সহকাৰে দাঙি ধৰাৰ পাছত তথ্যৰ আধাৰত কয় যে ৰসায়ন বিজ্ঞানৰ মানুহ হিচাপে মই ন দি ক’ব পাৰো যে ৰসায়ন বিজ্ঞান বিষয়ক গৱেষণা পত্ৰ পাঠ কৰা প্ৰথম ভাৰতীয় হ’ল ৰাধিকাৰাম ঢেকিয়াল ফুকন। উল্লেখ্য যে অসমীয়াৰ জাতীয় ঐতিহ্যৰ এনে গৌৰৱময় অধ্যায়ৰ তথ্যপূৰ্ণ বক্তব্যৰ মাজতে ড° ডেকাই ঢেকিয়াল ফুকনদেৱৰ পৰিয়ালৰ ঐতিহ্য সোঁৱৰণ কৰি হলিৰাম ঢেকিয়াল ফুকনে বাংলা ভাষাৰ প্ৰথম আধুনিক গদ্যৰ জনক আৰু মৌলিক ইতিহাস গ্ৰন্থৰ ৰচয়িতাৰ সন্মান লাভ কৰে ৷ উল্লেখ্য যে ২০১৬ চনৰ পৰা মহাবিদ্যালয়খনে অসমৰভাষা,সাহিত্য,সংস্কৃতি,সমাজ বিষয়ত বৰঙণি যোগোৱা পাঁচজন ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে ৷ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক বিদ্যুত বিকাশ শৰ্মা,বিৰুবালা ৰাভা,বিষ্ণু খাৰঘৰীয়া,নাহেন্দ্ৰ পাদুন আৰু য়েছে দৰজে ঠংচিক এই বঁটা প্ৰদান কৰাৰ পাছত এই বছৰ বীৰেন সিংহক এই বঁটা প্ৰদান কৰা হয় ৷ বিগত ২০০১ চনৰে পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা এই বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিছে ডঃ হীৰেন গোঁহাই, ভৱেন বৰুৱা,ৰঞ্জিত কুমাৰ দেৱগোস্বামী, প্ৰভাত বৰা,ৰাজেন শইকীয়াৰ উপৰি ভালেমান ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিমান ব্যক্তিয়ে ৷ নগাঁৱৰ সমাজ জীৱনৰ ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড° সদানন্দ পায়েঙে আৰু উদেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যয়ন চক্ৰৰ সমন্বয়ক অৰিন্দম বৰকটকীয়ে আৰু আঁত ধৰে ড° মিলন নেওগে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version