Site icon Guwahati Times

নগাঁৱত “গান্ধাৰ”ৰ মুকলি বিহু অনুষ্ঠানত জনপ্ৰিয় অভিনেতা যতীন বৰাক “অভিনয় সূৰ্য” অভিধা প্ৰদান

 

নিউজ ব্যুৰ’,নগাঁও,২৯এপ্ৰিল: নগাঁৱৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান “গান্ধাৰ”ৰ উদ্যোগত কালি নিশা ডিমৰুগুৰিৰ পৰিবহন নিগমৰ বাকৰিত অনুষ্ঠিত মুকলি বিহু অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে। মুকলি বিহু উদযাপন সমিতিৰ সভাপতি পল্লৱ জ্যোতি মহন্তই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান শুভাৰম্ভ কৰাৰ পাছতে সত্ৰীয়া সংস্কৃতিৰ উপাসক মৃদুপবন মহন্তই মুকলি বিহু অনুষ্ঠান শুভ উদ্বোধন কৰে । অনুষ্ঠানত নগাঁৱৰ ভিন্ন প্ৰান্তৰ তিনি শতাধিক শিল্পীয়ে সমবেত সংগীত পৰিবেশনৰ উপৰি মেগা বিহুত অংশগ্ৰহণ কৰা দুশ বিহুৱাই বিহু নৃত্য পৰিবেশন কৰি বিহু মঞ্চখনি জীপাল কৰি তোলে। মুকলি বিহু অনুষ্ঠানতে সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ নগঞা এশ লোক শিল্পীক একোখনি বিহুৱান,চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত জনপ্ৰিয় অভিনেতা যতীন বৰাক “অভিনয় সূৰ্য” অভিধা প্ৰদান কৰা হয় । শিল্পী গৰাকীক আকৰ্ষণীয় সম্বৰ্ধনা পত্ৰৰ লগতে শৰাই আৰু এশ বিহুৱতীয়ে এশ গামোচা,চেলেং চাদৰৰে উষ্ম সম্বৰ্ধনা জনায় । অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিহুৱতী শ্যামন্তিকা শৰ্মা আৰু চয়নিকা শৰ্মাৰ বিহু নাচৰ লগতে এনাজৰী বিহু দলৰ জনগোষ্ঠীয় সমন্বয় বিহু নাচ,ৰহা ৰূপজ্যোতি বিহুৱা দলৰ বিহু প্ৰদৰ্শন লগতে কলিয়াবৰৰ হুচঁৰি অনুষ্ঠান পৰিবেশনে মুকলি বিহুৰ সৌষ্ঠৱ বৃদ্ধি কৰে । নগাঁৱৰ জনপ্ৰিয় নাট্যকাৰ,পৰিচালক, প্ৰযোজক ক্ৰমে জয়ন্ত কুমাৰ বৰা, পৱিত্ৰ কলিতা,দিব্যজ্যোতি শইকীয়া,সাহিত্যিক জেউতি হাজৰিকা,বিশিষ্ট সংগীত শিল্পী দুলুমণি শইকীয়াক শৰাই,চেলেং চাদৰ আৰু গামোচাৰ উপৰি বিশেষ সম্বৰ্ধনা পত্ৰ প্ৰদানেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত মুকলি বিহু আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে চিকিৎসক ডা: অৰূপ জ্যোতি মহন্ত,হীৰু প্ৰসাদ মহন্ত,অচ্যুৎ শইকীয়া,আস্বব আলী,হৰেণ নাথ, অজন্তা গোস্বামী, সৌৰভ কলিতা, শ্যামন্ত দাস আদি উপস্থিত থাকে । উল্লেখ্য যে মুকলি বিহু অনুষ্ঠানটি সঞ্চালনা কৰে বিপুল শইকীয়া আৰু আঁত ধৰে “গান্ধাৰ”ৰ সম্পাদক প্ৰদীপ বৰাই ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version