Site icon Guwahati Times

নগাঁৱৰ ফুলগুৰিত ১৬২সংখ্যক “ফুলগুৰি ধেৱা” স্মৃতি দিৱস উদযাপন,ৰজা ঘৰে পাহৰিলে

নিউজ ব্যুৰ’,নগাঁও,১৮অক্টোবৰ :–ৰজা ঘৰে পাহৰিলেও প্ৰজা ঘৰে বুধবাৰে তেজ ৰঙা ইতিহাসে গৰকা ফুলগুৰি ধেৱাৰ স্মৃতি সুঁৱৰিলে। নগাঁও জিলাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত ১৬২সংখ্যক “ফুলগুৰি ধেৱা”ৰ স্মৃতি দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । ঐতিহ্যমণ্ডিত ফুলগুৰিৰ বৰ আঁহতৰ তলত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকাই । ইয়াৰ পিছতে ৯:৩০ বজাত বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি গণেশ চন্দ্ৰ বৰদলৈয়ে,৯:৪৫ বজাত স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি নিত্যানন্দ চন্দন গিৰিয়ে,১০ বজাত ফুলগুৰিৰ পৰা “মানুহ পোৰা বিল”লৈ শোভাযাত্ৰা কৰা হয় । ১০:৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় । ১০:৪৫ বজাত “মানুহ পোৰা বিল”ত বন্তি প্ৰজ্বলন কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে,স্মৃতি তৰ্পণ কৰে মানুহপোৰা বিল উপ-সমিতিৰ সভাপতি লীলাধৰ নাথ,সম্পাদক দেৱ কুমাৰ নাথ,দক্ষিণ পেটবঢ়া গাঁও উন্নয়ন সমিতিৰ সম্পাদক নন্দৰাম নাথ,সমাজসেৱক ৰামনাথ নাথ,নাৰায়ণ নাথ,মোহন হাজৰিকা, মহেন্দ্ৰ নাথ,মুৰুলী মজুমদাৰ, পুণিৰাম নাথ,গোবিন নাথ,দুৰ্গেশ্বৰ বৰকটকী, বিপুল কলিতা,নৱজ্যোতি শৰ্মা বৰুৱা, মদাৰজ্যোতি,সমাজ সেৱিকা বিউটি শইকীয়া প্ৰমুখ্যে উপস্থিত ব্যক্তিসকলে। কবি লক্ষ্যজ্যোতি বৰাই আঁত ধৰা উক্ত অনুষ্ঠানত বীৰ শ্বহীদসকলক সোঁৱৰি সমূহীয়াভাৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ ইয়াৰ পিছতে দিনৰ ১২ বজাত “ফুলগুৰি ৰাইজমেল ভৱন”ত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকাৰ সভাপতিত্বত “ফুলগুৰি ধেৱা” শীৰ্ষক মুকলি তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ শিশুশিল্পী ৰশ্মিতা পাটৰে বৰগীত পৰিৱেশনৰে শুভাৰম্ভ কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ফুলগুৰি ধেৱা উদযাপন সমিতিৰ সম্পাদক প্ৰদীপ ডেকাই ৷ সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট নিবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক অদীপ কুমাৰ ফুকনে ভাষণ প্ৰসংগত ফুকনে কয় যে ভাৰতবৰ্ষৰ প্ৰথম কৃষক বিদ্ৰোহ হিচাপে ফুলগুৰি ধেৱাই কেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি পাব আৰু কিমানজন কৃষকক হত্যা কৰি দিছপুৰ আৰু দিল্লীয়ে অমৃত প্ৰাণ কৰিব ? ফুলগুৰীয়া কৃষক ৰাইজৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ বিশিষ্ট নিবন্ধকাৰ অদীপ কুমাৰ ফুকনে মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় ৷ মুকলি সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট নাট্যকাৰ,ইতিহাসবিদ নৰেণ পাটগিৰি,নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক মিনামুদ্দিন আহমেদ, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি,বীৰ শ্বহীদ লক্ষণ সিং ডেকাৰ আজোনাতি ভৱজ্যোতি ডেকা আৰু ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জনা বৰাই ৷ সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ সামৰণি মাৰে ফুলগুৰি ধেৱা উদযাপন সমিতিৰ উপ-সভাপতি তিলক বৰাই ৷

অনুষ্ঠানৰ সফল ৰূপায়ণ হোৱাৰ বাবে উদযাপন সমিতিৰ সম্পাদকদ্বয় প্ৰদীপ ডেকা আৰু মনোজ কুমাৰ দাসে সকলোলৈকে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ উল্লেখ্য যে উক্ত মুকলি সভাতেই চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয় ৷ উল্লেখ্য যে ১৮৬১ চনত ইংৰাজৰ অন্যায় কৰ নীতিৰ বিৰূদ্ধে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজ ফুলগুৰিত একগোট হৈ অন্যায় কৰ নীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ১৮৬১চনত ১৮ অক্টোবৰত অৰ্থাৎ আজিৰ দিনটোত ফুলগুৰিত ৰাইজ একগোট হোৱাৰ সময়তে বৃটিছ সেনাই বৰ্বৰভাৱে গুলী চালনা কৰি বহু লোকক নিহত কৰিছিল আৰু আহত হৈছিল শতাধিক লোক। কলিয়াপানী আৰু কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল বহু লোকক। চিপাহী বিদ্ৰোহৰ পিচতেই আছিল অসমৰ প্ৰথম কৃষক বিদ্ৰোহ। পিচলৈ ই “ফুলগুৰি ধেৱা” হিচাপে খ্যাত হৈ পৰে আৰু প্ৰতি বছৰে ফুলগুৰিৰ ৰাইজে শ্বহীদসকলক সুঁৱৰি এই ফুলগুৰি ধেৱা দিৱস উদযাপন কৰি আহিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version