Site icon Guwahati Times

নগাঁৱৰ কলিয়াবৰত প্ৰজন্মৰ বিশেষ পদক্ষেপ,তিনি শিক্ষাৰ্থীক জলপানি প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,২৭অক্টোবৰ:–শিক্ষা-সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়িবলৈ “প্ৰজন্ম কলিয়াবৰ” নামৰ এটি অগ্ৰণী অনুষ্ঠানে নগাঁও জিলাৰ কলিয়াবৰৰ বিভিন্ন ক্ষেত্ৰৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক শুক্ৰবাৰে জলপানি প্ৰদান কৰে। এই উপলক্ষে কলিয়াবৰ মহাবিদ্যালয় প্ৰাংগণত প্ৰজন্মৰ সভাপতি মণিমাধৱ মহন্তৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। সভাত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই অনা বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত ২০২০ চনত উচ্চতৰ মাধ‍্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত তৃতীয় স্থান প্ৰাপক তথা নগাঁও মহাবিদ‍্যালয়(স্বতন্ত্ৰ)ৰ পৰা ভূগোল বিষয়ত বিশেষ পাৰদৰ্শিতা দেখুওৱা গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ ছাত্ৰী প্ৰিয়াংশ্ৰী গোস্বামী,সংস্কৃতিৰ ক্ষেত্ৰত সত্ৰীয়া আৰু আধুনিক সংগীতত বিশেষ পাৰদৰ্শিতা দেখুওৱা কলিয়াবৰ মহাবিদ‍্যালয়ৰ ছাত্ৰ অনিমেষ শইকীয়া আৰু অসম ক্ৰিকেট দলৰ এক্সপ’জাৰ দলত স্থান লাভ কৰা তথা কটন বিশ্ববিদ‍্যালয়ৰ ছাত্ৰ হিমাংশু শইকীয়াক বিশেষ জলপানি প্ৰদান কৰা হয়। গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত লক্ষ‍্যজ‍্যোতি দাসে ভাষণ প্ৰসংগত আজিৰ প্ৰজন্মৰ বলিষ্ঠ পদক্ষেপৰ শলাগ লোৱাৰ লগতে উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ- ছাত্ৰীক সঠিক পথেৰে আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰে। সমীৰ ভূঞাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰেও গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । অনুষ্ঠানত জলপানি প্ৰাপক তিনিগৰাকী ছাত্ৰ- ছাত্ৰীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰে ।জাতীয় সংগীতেৰে আৰম্ভ হোৱা সভাখনিত নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকা,অৱসৰী শিক্ষক ইনতাজ আলি,শিৱ উপাধ্যায়, সংগীতা পূজাৰী,টংকেশ্বৰ শৰ্মা, ছাত্ৰ নেতা মৃগাংক শেখৰ ভৰালী হাজৰিকা প্ৰমুখ্যে শতাধিকলোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, কলিয়াবৰৰ গৌৰৱময় ঐতিহ‍্যক বৰ্তমানৰ লগত সংপৃক্ত কৰি ভৱিষ‍্যত গঢ়িবলৈ এক সদিচ্ছা আৰু কৰ্মসূচী লৈ গঢ়ি উঠা কলিয়াবৰৰ “প্ৰজন্ম–The Generation” এক বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান। ২০১৭ চনতে প্ৰতিষ্ঠা লাভ কৰা অনুষ্ঠানটোৱে কলিয়াবৰৰ সামাজিক, সাংস্কৃতিক,অৰ্থনৈতিক আৰু প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰজন্মই জন্মলগ্নৰে পৰা ব্ৰতী হৈ আছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version