Site icon Guwahati Times

নগাঁৱত অভি-নীল হত্যাকাণ্ডৰ অন্তিম সাক্ষীৰ সাক্ষদান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২১নবেম্বৰ:–ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম গৰাকী সাক্ষীৰ মঙলবাৰে সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত হয়। সেই বীভৎস ঘটনাৱলীৰ মুঠ ৭১ গৰাকী সাক্ষী আছিল। পৰ্যায়ক্ৰমে
নগাঁও সত্ৰ ন্যায়ধীশৰ আদালতে সকলোৰে সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত কৰে। ইয়াৰ লগে লগে ভুক্তভোগী পৰিয়াল দুটাই আগন্তুক ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ন্যায় লাভৰ সম্ভাৱনাই দেখা দিছে । উল্লেখ্য যে,২০১৮বৰ্ষৰ ৮জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক । এই হত্যাকাণ্ডত নাম সাঙোৰ খাইছিল ৪৭ জনকৈ লোকৰ। অভি-নীলৰ পৰিয়ালে এতিয়া দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ আহ্বান জনাইছে । সমগ্ৰ দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ইতিমধ্যে ৫বছৰ সম্পূৰ্ণ হৈছে। অভি-নীল হত্যাকাণ্ডৰ সন্দৰ্ভত ডকমকা থানাত ৰুজু হোৱা ৩৩/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ অভিভাৱকৰ লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত গোচৰটি ডিফু আদালতৰ পৰিৱৰ্তে নগাঁও আদালতলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও
Exit mobile version