Site icon Guwahati Times

নগাঁৱৰ পুৰণিগুদামত কলং কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত সাঁচিপতীয়া শিল্পৰ কৰ্মশালাৰ সফল সামৰণি

নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই :–নগাঁও জিলাৰ পুৰণিগুদামৰ কলং কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত সাঁচিপতীয়া শিল্পৰ (যি শিল্পই সাঁচিপাত প্ৰস্তুতৰ পৰা আৰম্ভ কৰি হেঙুল-হাইতাল আদি ৰঙেৰে ছবি অঁকালৈকে বুজাইছে) কৰ্মশালাখনিৰ যোৱা ৰবিবাৰে সামৰণি পৰে । এই উপলক্ষে অশ্বিনী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই কয় যে ব্যতিক্ৰমী কাম-কাজেৰে অসমৰ কলা জগতত পৰিচয় লাভ কৰা “কলং কলা কেন্দ্ৰ”ই পুথি চিত্ৰৰ দিশতো নিষ্ঠাৰে কাম-কাজ কৰি আহিছে । নিৰ্দিষ্ট বক্তাৰ ভাষণত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল কলিতাই কয় যে প্ৰাচীন পৰম্পৰা ধৰি ৰাখি অনুষ্ঠানটিয়ে অশেষ কষ্টৰে সাঁচিপাতীয়া শিল্পৰ চৰ্চাৰ দিশত কাম কৰি আহিছে।

গুণীজনে সদায় এটা বিষয় শিপাৰ পৰা শিকিবলৈ বিচাৰে আৰু যদি বিষয়টো সাঁচিপাত হয় তেন্তে কলং কলা কেন্দ্ৰতহে এইদিশৰ শিক্ষা সম্ভৱ। সভাত ড° ধৰ্মেশ্বৰ গোস্বামী,থিৰেণ বৰা আৰু কুশল চন্দ্ৰ শৰ্মাইও বক্তব্য ৰাখে। প্ৰশিক্ষাৰ্থীসকলৰ ফালৰ পৰা মধুপুৰ সত্ৰৰ ডেকা সত্ৰীয়া মাধৱদেৱ মহন্তই প্ৰশিক্ষক চিত্তৰঞ্জন বৰাৰ পৰা লাভ কৰা জ্ঞান সম্ভাৰৰ বিষয়ে বৰ্ণনা কৰি কয় যে এই অভিজ্ঞতা সদায় চিৰ স্মৰণীয় হৈ থাকিব। আন এগৰাকী প্ৰশিক্ষাৰ্থী নৃপেন শইকীয়াই কয় যে সাঁচিপতীয়া শিল্পক সঠিক ৰূপত চৰ্চ্চা কৰা ঠাই একমাত্ৰ কলং কলা কেন্দ্ৰ বুলি ক’ব পাৰি।

প্ৰশিক্ষাৰ্থী দীপাঞ্জলী বৰা আৰু পুনম বিশ্বকৰ্মাইও নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে। অভিভাৱকৰ তৰফৰ পৰা কংকন বৰাই কলং কলা কেন্দ্ৰই কৰি অহা কাম-কাজসমূহৰ প্ৰশংসা কৰাৰ লগতে অনুষ্ঠানটিক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। এই অনুষ্ঠানতে সাঁচিপতীয়া শিল্পৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে যোৱা ৮ জুলাইৰ পৰা ১৪ জুলাইলৈকে আয়োজিত টেৰাকোটা কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলকো প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে মুঠ ১২গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা কৰ্মশালাখনি ২১জুলাইৰ পৰা আৰম্ভ হৈছিল ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version