Site icon Guwahati Times

নগাঁৱৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৯ আগষ্ট:–নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অাগশাৰীৰ শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত নৱাগত আদৰণি অনুষ্ঠানটি বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। এই উপলক্ষে কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেৱজিৎ মহন্ত আৰু স্মৃতি তৰ্পণ কৰে অধ্যাপিকা হেময়ন্তী ডেকাই । ইয়াৰ পাছতে অধ্যাপিকা প্ৰণামীকা গোস্বামীয়ে আঁত ধৰা কাৰ্যসূচীত আকস্মিক বক্তৃতা,সৌন্দৰ্য্য আৰু আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে সাংবাদিক দিব্যজ্যোতি বৰুৱাই। ১:৩০ বজাৰ পৰা অধ্যক্ষ দেৱজিৎ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড: বসন্ত বৰাই “হে নতুন স্বাগতম,নতুন দিনৰ তৰুণ তৰুণী” শীৰ্ষক স্বৰচিত গীতেৰে আৰম্ভণি কৰি কেইবাটাও গীত-মাতেৰে ছাত্ৰ ছাত্ৰীসকলক আপ্লুত কৰে।প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই কয় যে নিজৰ ঐতিহ্য,সমাজ-সংস্কৃতিৰ বিষয়ে জনা ছাত্ৰ-ছাত্ৰীহে সমাজৰ ধৰণী হ’ব পাৰে। কেৱল মেধা হ’লেই নহ’ব। সমাজখনক জানিব লাগিব। অধ্যাপক শ্বৰিফুল ইছলামে আঁত ধৰা সভাত অধ্যাপিকা ডঃ প্ৰাঞ্জলী মহন্তই বৰগীত পৰিৱেশন কৰাৰ লগতে আন এগৰাকী অতিথি তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুজিত কুমাৰ শৰ্মায়ো সকলো ছাত্ৰ-ছাত্ৰীক মানুহ হ’বলৈ আহ্বান জনাই । ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি অধ্যাপিকা লিপিকা আফৰুজৰ পৰিকল্পনা আৰু ব্যবস্থাপনাৰে নিৰ্মিত প্ৰাচীৰ পত্ৰিকা “অংকুৰ”ৰ শুভ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড: বীনা কলিতাই। ইপিনে,শুকুৰবাৰে পুৱাৰ পৰা বিভিন্ন কাৰ্য্যসূচীৰ অন্তত ১১ বজাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু নিমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version